26
Oct
2017

নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ ৭৯৭নং ৰতনপুৰ প্রাথমিক বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে দুদিনীয়া কার্যসূচীৰে শিশু দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
বিগত বর্ষবোৰৰ দৰে এইবেলিও অহা ১৩ আৰু ১৪ নৱেম্বৰত বিদ্যালয়খনৰ প্রাংগনত অনুষ্ঠিত হ’বলগীয়া শিশু দিৱসৰ উদ্দেশ্যে অলপতে এখন ৰাজহুৱা সভাত প্রফুল্ল শইকীয়াক সভাপতি আৰু মনোজ মালাকাৰক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়।
মনোজ মালাকাৰে শিশু দিৱসত বিভিন্ন ধৰণৰ সাহিত্য প্রতিযোগিতাৰ লগতে স্থানীয় শিল্পীৰ সকলৰ দ্বাৰা বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত হ’ব। উদযাপন সমিতিয়ে সকলো ৰাইজৰ, ছাত্র-ছাত্রীৰ সহযোগিতা কামনা কৰাৰ লগতে সাহিত্য প্রতিযোগিতাৰ বিষয়ে সবিশেষ জানিবলৈ ৮৮৭৬৮১২০৩৪ অথবা ৭৮৯৬২১৪০০৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।