
newsnextone.com | শিৱসাগৰঃ উজনিৰ শিৱসাগৰ জিলাৰ ৰংপুৰত চৰকাৰী প্ৰতিষেধক সেৱন কৰাৰ ফলত দুমহীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ এটি শিশুক চৰকাৰী প্ৰতিষেধক দিয়াৰ পিছতে মৃত্যুৰ অভিযোগ উত্থাপন কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালে তথা ওচৰ চুবুৰীয়াই৷
ৰংপুৰৰ হাতীখোক উপ-স্বাস্থ্য কেন্দ্ৰত এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ জানিব পৰা মতে, চিকিৎসালয় খনৰ সমীপৰ গাঁৱৰ এটি পৰিয়ালে হাতীখোক উপ-স্বাস্থ্য কেন্দ্ৰত সন্তানক প্ৰতিষেধক দিছিল৷ প্ৰতিষেধক দিয়াৰ পিছতে শিশুটো দুৰ্বল হৈ পৰে৷ তাৰ পিছতে চিকিৎসা কৰে যদিও শিশুটোৱে মৃত্যুক আকোৱালি লয়৷ এই ঘটনা প্ৰচাৰ হোৱাৰ পিছতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে৷