28
Aug
2017

তুলসীবাৰীঃ তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ঘটাত তুলসীবাৰীত শোকৰ ছাঁ পৰে। জানিব পৰা মতে, তুলসীবাৰীৰ মজুল আলীৰ পুত্ৰ তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰ মেহবুব আলী পুখুৰীত পৰি মৃত্যুক আকোৱালি লয়৷
আজি আবেলি বায়েকৰ সৈতে কণমানি মেহবুবে বায়েকৰ সৈতে খেলাধুলি খেলি পুখুৰীত গা-ধুবলৈ যায়। পুখুৰীত নামি গা-ধুই থাকোতেই মেহবুব ডুবে ড়ায়।
লগে লগে বায়েকে ভাতৃক ৰক্ষা কৰাৰ বাবে চিঞৰ-বাখৰ কৰে। পিছত একাংশ লোকে মুমুৰ্ষু অৱস্থাত শিশুটিক উদ্ধাৰ কৰি জি এম চি এইচিলৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যু হয়। তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ মেহবুবৰ অকাল মৃত্যুত বিদ্যালয়খনৰ লগতে সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।