
newsnextone.com | লিডুঃ ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তিনিচুকীয়া জিলাৰ জাগুনৰ নামফাই সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হোৱা হাতী পোৱালীটোৰ দেওবাৰে পুৱাই মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মাৰ্ঘেৰিটা মহকুমাত৷ সংৰক্ষিত বনাঞ্চলখনৰ জনবসতি এলেকাত উদ্ধাৰ হোৱা হাতী পোৱালীটোক কোনো লোকে হত্যা কৰাৰ বাবে চেষ্টা চলাইছিল বুলি সন্দেহ কৰে ৰাইজে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতৰ ফলত হাতী আৰু মানুহে প্ৰাণ হেৰুৱাই আহিছে৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰমণ চলাই খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিও হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হয়৷ তেনে দৰেই তিনিচুকীয়া জিলাৰ জাগুনৰ নামফাই সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে হাতী ওলাই আহে৷ হাতীৰ জাকে ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰে৷ তাৰ পিছতো বন বিভাগে সাধাৰণ গঞাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত কৰিবলৈ চেষ্টা নকৰাৰ অভিযোগ উত্থাপন হয়৷
ৰাজ্যৰ বন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷ বনৰ পৰা মানুহৰ মাজলৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীৰ জাকক খেদি পঠিওৱাত বন বিভাগৰ অক্ষমতাই বিভিন্ন সময়ত সাধাৰণ মানুহক সংকটৰ গৰাহলৈ থেলি দিয়া বুলি ৰাইজে অভিযোগ কৰি আহিছে৷
পুনৰ এবাৰ বন-বিভাগক অকৰ্মণ্য আখ্যা দি ক্ষোভ প্ৰকাশ কৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাবাসীয়ে৷ বিগত বহু দিনৰ পৰা মৃত্যুৰে যুঁজ দিয়া হাতী পোৱালীটোক বন বিভাগে চিকিৎসা প্ৰদান কৰি আহিছিল যদিও অৱশেষত মৃত্যু ঘটে৷ উল্লেখ্য যে, একাংশ লোকৰ অবিবেচক চিন্তাধাৰাৰ বাবে সম্প্ৰতি বনাঞ্চলসমূহ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে বনাঞ্চলসমূহ চোৰাং কাঠ ব্যৱসায়ী তথা বেদখলকাৰীৰ কৱলত পৰিছে।
দিনে-নিশাই বন ধ্বংসযজ্ঞ অব্যাহত থকাত বনাঞ্চলৰ পৰা একমাত্ৰ খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা হাতীৰ জাকৰ পৰা ফালৰি কাটি আহি হাতীটোৱে দস্যুৰ কৱলত পৰি মৃত্যুক আকোৱালী ল’ব লগা হ’ল বুলি চৰ্চা আৰম্ভ হৈছে৷