বাইহাটা চাৰিআলিঃ মাতৃ-কন্যা কলৈ গ’ল৷ চাংসাৰিত এতিয়া এই প্ৰশ্ন সকলোৰে মুখে মুখে৷ কামৰূপ জিলাৰ চাংসাৰিৰ কন্যা সন্তান সহ এগৰাকী বিবাহিত মহিলা যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত বোনমাজা গাঁৱৰ মনোৰঞ্জন কলিতাৰ পত্নী তথা দুই সন্তানৰ মাতৃ মঞ্জুলা কলিতা চাৰিবছৰীয়া কন্যা সন্তান সহ যোৱা ২২ অক্টোবৰৰ পৰা নিৰুদ্দেশ হয়৷

মহিলাগৰাকীৰ স্বামীয়ে ইতিমধ্যে পত্নী নিৰুদ্দেশ সন্দৰ্ভত চাংসাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ২২ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা বোনমাজাস্থ ঘৰৰ পৰা পত্নী নিৰুদ্দেশ হয়৷