ৰঙিয়াঃ ৰঙিয়া ৰেল ষ্টেছনত জিআৰপিএফে উদ্ধাৰ কৰিলে দুই কিশোৰী৷ নগাঁৱৰ ৰূপহীহাটৰ পৰা ৰেলত উঠি আহিছিল দুই কিশোৰী৷ নামনিমুৱা চিফুং পেচেঞ্জাৰৰ পৰা জিআৰপিএফে উদ্ধাৰ কৰে কিশোৰী দুইগৰাকীক।

কিশোৰী দুগৰাকীক লৈ ৰহস্য সৃষ্টি হৈছে ৰঙিয়াত। চাইল্ড লাইনক খবৰ দিয়াত গুৱাহাটীৰ পৰা চাইল্ড লাইনৰ দল ৰঙিয়ালৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ নাৰী সৰবৰাহ চক্ৰই কিশোৰী দুগৰাকীক লৈ অহাৰ সন্দেহ কৰিছে ৰাইজে।