নামতিঃ ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যত উদ্ধাৰ হ’ল চাৰিটাগৰাকী কিশোৰ-কিশোৰী৷ শিৱসাগৰ জিলাৰ নামতি আলি ৰেল ষ্টেচনত শনিবাৰে নিশা দুজন কিশোৰ উদ্ধাৰ হোৱাৰ লগতে ৰবিবাৰে ৰঙিয়া ৰেল ষ্টেছনত দুগৰাকী কিশোৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘন শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ থকা সময়তে শিৱসাগৰ জিলাৰ নামতি আলি ৰেল ষ্টেচনত দুটা অচিনাক্ত শিশু উদ্ধাৰ হয়। জানিব পৰা মতে, শিৱসাগৰৰ "নৱ উদিত" নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে শনিবাৰে নিশা নামতি আলি ৰেল ষ্টেচনৰ পৰা শিশু দুটা উদ্ধাৰ কৰি নামতি আৰক্ষীক গতাই দিয়ে।

নামতি আৰক্ষীয়ে নিশা কিশোৰ দুটিক থানাত ৰাখি সোধপোছ কৰে। আৰক্ষীয়ে জয়পুৰ কেন্দগুৰি গাঁৱৰ চুজিত নন্দ আৰু ৰেশ্মি নন্দৰ পুত্র সপ্তম শ্রেণীৰ ছাত্র ৰহন নন্দ (১২) আনহাতে জয়পুৰ ৯নং বাগানৰ তৃতীয় শ্রেণীৰ ছাত্র তথা কমলেশ্বৰ কুমাৰ আৰু জুৰী কুমাৰৰ পুত্র ৰোহীত কুমাৰ (৮) বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে এতিয়াও কিশোৰ দুটিৰ ঠিকনা উলিয়াব পৰা নাই৷

অৱশেষত উপায়হীন হৈ পুণৰ আজি "নৱ উদিত" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে নামতি আৰক্ষীৰ সহযোগত শিৱসাগৰৰ জয়সাগৰস্থিত চপ্নালয় নামৰ শিশু গৃহত চমজায় দিয়ে দুয়ো কিশোৰক। "নৱ উদিত"ৰ সদস্য সকলে কোনো লোকে কিশোৰ দুগৰাকী সন্দৰ্ভত কিবা সম্ভেদ পালে ৭০০২৯৬৮৭৭৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়৷