
ৰঙিয়াঃ সেনাই বন্ধ কৰিব বিছৰা এখন বিদ্যালয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ৰঙিয়াৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি হঠাৎ বন্ধ কৰিব খোজে বিদ্যালয় খনৰ প্ৰতিবাদক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ একাংশ লোকে কণ কণ ছাত্ৰ-ছাত্ৰীৰ সপক্ষে প্ৰতিবাদ কৰা দেখা যায়৷ ৰঙিয়াৰ সাধাৰণ ৰাইজে বিছাৰিছে ৰঙিয়াৰ সকলো দল-সংগঠন একত্ৰিত হৈ কণ কণ ছাত্ৰ-ছাত্ৰীৰ হৈ যুজ দিয়ক৷
ৰঙিয়াৰ চেপ্তিৰ সেনাৰ 'ৰেডহৰ্ণ পাব্লিক স্কুল' বন্ধ কৰিব বিছৰাত ইতিমধ্যে ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে৷ একাংশ সংগঠনে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত মাত মাতি আহিছে৷ অন্য একাংশ সংগঠনে মাত নমতাৰ অভিযোগ উত্থাপন হৈছে৷ সন্মুখৰ পৰা যুজ দিবলৈ সকলো সংগঠনক একেলগে ওলাই অহা দেখা নাযায়৷
প্ৰায় এবছৰ পূৰ্বৰ পৰাই কণ কণ কিশোৰ-কিশোৰীয়ে অধ্যয়ণ কৰি থকা বিদ্যালয় খন বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে সেনা কৰ্তৃপক্ষই৷ এই কথা অৱগত হৈ একাংশ সংগঠনৰ অসহায় অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰতিক্ৰিয়া, প্ৰতিবাদ জনাই আহিছে৷ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰঙিয়াৰ দল-সংগঠনৰ যেনেদৰে সহায়-সহযোগ পাব লাগিছিল তেনেকৈ সহযোগ কৰিবলৈ ওলাই অহা দেখা পোৱা নাযায়৷
একপ্ৰকাৰ বিপদত পৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, শিক্ষকসকলে নিজেই এই সংগ্ৰাম আগুৱাই নিছে৷ সেনাই বন্ধ কৰিব বিছৰা বিদ্যালয়ত যোৱা ৪ জানুৱাৰীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তাৰ পিছত আৰক্ষীয়ে থানালৈ মাতি নি সেনাৰ স্কুল খনৰ ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজোতত নিক্ষেপ কৰে৷
পুনৰ ১২ জানুৱাৰীৰ পুৱাৰে পৰা ৰঙিয়াৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কামৰূপ প্ৰশাসনে ৰাইজৰ দাবীত সেওঁমানি অৱশেষত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস, নমিতা দাসক মুকলি কৰি দিয়ে যদিওঁ সেনা কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সুবিধা কৰি দিয়া দেখা নাযায়৷
১৬ জানুৱাৰীত কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহে যদিও ডেক্স-বেঞ্চসমূহ নাছিল বিদ্যালয় খনত৷ তাৰ পিছত কণ কণ ছাত্ৰ-ছাত্ৰীক পকীৰ মজিয়াত বহি পঢ়িবলৈ বাধ্য হয়৷ সেনাই বন্ধ কৰিব খোজা এখন বিদ্যালয় ৰাইজে বন্ধ কৰিব নিদি হেঙাৰ হৈ থিয় দিয়াত সেনাৰ আক্ৰোশৰ বলি হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে তেনেদৰে পাঠদন কৰাৰ অভিযোগ উত্থাপন হয়৷ সেনাই ৰাইজে কৰা প্ৰতিবাদৰ ক্ষোভ নিৰাময় কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীক ঠাণ্ডাত পকী মজিয়াত বহিবলৈ দিয়ে৷
ৰাজ পথত সেনাৰ লোক দেখিলেই কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জয় হিন্দ বুলি কপালত হাত থৈ চালাম দিয়া সেনাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ কথা এবাৰলৈ নাভাবিলে৷ সেনাই ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা নকৰাৰ ফল স্বৰূপে সেনাৰ বিদ্যালয়ত পকী মজিয়াত বহি পাঠদান কৰিব লগা হ’ল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷ ডেস্ক-বেঞ্চৰ অভাৱত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পকীত বহি পাঠদান কৰিব লগা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক, বৰ বৰ আমোলাই বাসকৰা ৰাজধানীৰ পৰা কিছু নিলগৰ কামৰূপ জিলাৰ ৰঙিয়াত৷
ৰঙিয়াৰ চেপ্তিৰ সেনাৰ ৰেডহৰ্ন স্কুলত এতিয়া এনেদৰে চলিছে পাঠদান৷ ঠাণ্ডাত প্ৰকোপৰ পিছতো সেনা কৰ্তৃপক্ষ-জিলা প্ৰশাসন যেন সকলোৱে নাচোৰ বান্দা৷ সেনাৰ কেম্পৰ চৌহদতে থকা বিদ্যালয় খনৰ ডেক্স-বেঞ্চ চুৰি হোৱাৰ অভিযোগ উত্থাপ হৈছে৷ ইমান পিছতো সেনা, ৰাজ্য চৰকাৰ কামৰূপ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিদ্যালয় খনকলৈ৷ ক্ষোভিত ৩ সংগঠনে বৃহস্পতিবাৰে পুৱাৰে পৰা ৰঙিয়া বন্ধ ঘোষণা কৰে৷ ৰঙিয়া বন্ধ ঘোষণা কৰাত প্ৰশাসন একাংশ দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
বুধবাৰে বন্ধৰ বিৰোধিতা কৰি সৰ্বদলীয় সভাও অনুষ্ঠিত হয়৷ তিনিটাকৈ সংগঠনে ৰঙিয়া বন্ধ ঘোষণা কৰাত ৰঙিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মাঘ বিহুৰ বন্ধৰ পিছতে ২৪ ঘন্টীয়া বন্ধৰ আহ্বান কৰা কাৰ্যক ৰাইজে সহজভাৱে ল’ব পৰা নাই বুলি জানিব পৰা যায়৷ বুধবাৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত বন্ধৰ বিৰুদ্ধে মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷
মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়া মহকুমা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতি, সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, বাঙালী জনমঞ্চৰ ৰঙিয়া সমিতি, এবছুৰ কামৰূপ জিলা সমিতি, ৰঙিয়া চেম্বাৰ্চ অৱ কমাৰ্চ, তিনিআলি বজাৰ ব্যৱসায়ী সন্থা, মুক্তিযুজাৰু সন্মিলনৰ কামৰূপ জিলা সমিতি, ৰঙিয়া জিলা ক্ৰীড়া সন্থা, ৰঙিয়া প্ৰেছ ক্লাৱ, ৰঙিয়া ৰাইজমেল স্মৃতিৰক্ষা সমিতি, মাৰোৱাৰী যুৱ মঞ্চৰ ৰঙিয়া সমিতি উপস্থিত থাকে৷ সভাত উপস্থিত থকা দল-সংগঠনে ৰঙিয়া বন্ধ কাৰ্যসূচীৰ বিৰোধিতা কৰাৰ লগতে বন্ধই কোনো সমস্যাৰ সমাধান নকৰে বুলি কয়৷
সভাত অসম মুক্তিযুজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰে বন্ধৰ বিৰোধিতা কৰি সংগঠন তিনিটাই ৰঙিয়া বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব নালাগিছিল বুলি কৈ অবিবেচকী বুলি মত প্ৰকাশ কৰে৷ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে ৰঙিয়া ৰেডহৰ্ণ পাব্লিক স্কুলখন সেনা কৰ্ত্তৃপক্ষই বন্ধ কৰিব খোজা কুচকাৱাজৰ বিৰোধিতা কৰি আছুৱে সংগঠন তিনিটাৰ দাবীৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে যদিও ৰঙিয়া বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচীক কোনোপধ্যেই সমৰ্থন কৰিব নোৱাৰে বুলি স্পষ্ট কৰে৷
সভাত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক তৰুণ দাস, জিলা সাধাৰণ সম্পাদক কৰেন্দ্ৰ কলিতা, এবছুৰ কামৰূপ জিলা সাধাৰণ সম্পাদক বলোৰাম বড়ো, শিক্ষাবিদ পবিন কলিতা, ৰঙিয়া প্ৰেছ ক্লাৱৰ মিৰাজুল ইছলামকে ধৰি ভালেসংখ্যক লোকে ভাষণ প্ৰদান কৰি বন্ধৰ বিৰোধিতা কৰে৷ সভাত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্ত, ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগু, ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া এমিলি বৰুৱাকে ধৰি ভালেসংখ্যক প্ৰশাসনিক বিষয়া উপস্থিত থাকে৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া আঞ্চলিক সমিতিয়েও ৰঙিয়া বন্ধৰ বিৰোধিতা কৰি বিবৃতি প্ৰকাশ কৰে৷ ৰঙিয়া দল সংগঠনৰ সৈতে প্ৰশাসনৰ সভাৰ পিছতে মহকুমা প্ৰশাসনৰ বিষয়াবৰ্গই বন্ধ আহ্বান দিয়া তিনি সংগঠন সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম গৰীয়া যুৱ-ছাত্ৰ পৰিষদ আৰু আক্ৰাছুৰ কামৰূপ জিলা সমিতিৰ বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হয়৷
প্ৰশাসনৰ বিষয়াবৰ্গই সংগঠন তিনিটাৰ নেতৃত্বক সৰ্বদলীয় সভাৰ বন্ধৰ বিৰোধিতাৰ কথা অৱগত কৰে আৰু বন্ধ উঠাই ল’বলৈ আহ্বান যদিও সংগঠনকেইটাই সৰ্বদলীয় সভাৰ আহ্বান উপেক্ষা কৰি বন্ধৰ সিদ্ধান্তত অটল হৈ ৰয়৷ আনহাতে বৃহস্পতিবাৰে পুৱাৰে পৰা ৰঙিয়াত বন্ধ পালন কৰা দেখা যায়৷ ৰঙিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান, গাড়ী মটৰৰ চলাচলো বন্ধ থকা দেখা যায়৷