
লংকাঃ ৰাজ্যত সঘনে বৃদ্ধি পাব ধৰিছে অপৰাধজনিত ঘটনা৷ পুৰুষ প্ৰধান সমাজখনত বিভিন্ন সময়ত শাৰীৰিক তথা মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হৈছে একাংশ মহিলা৷ শেহতীয়াকৈ হোজাই জিলাৰ লামডিঙত বোৱাৰীক নিৰ্যাতন তথা হত্যাৰ ঘটনা পোহৰলৈ অহাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
পূব লামডিঙৰ ননেক বস্তিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা৷ ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে, পূৱ লামডিঙৰ ননেক বস্তি অঞ্চলৰ মাধৱ দাসৰ লগত সেই অঞ্চলৰে জীয়ৰী চিনুৱালা দাস দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল৷ বিবাহৰ পিছৰ দুয়োৰে মাজত এক সুখৰ সংসাৰ গঢ় লৈ উঠিছিল৷ কিন্তু দেওবাৰে হঠাতে বোৱাৰীগৰাকীৰ মৃত্যুকলৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ৷
বোৱাৰী গৰাকীৰ পৰিয়ালবৰ্গৰ অভিযোগ মতে, স্বামী পৰিয়ালে বিয়াৰ পিছৰে পৰা চিনুবালাক নানান অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন চলাই আহিছিল৷ আন দিনাৰ দৰে যোৱাকালিও বহু মাৰধৰ কৰি বিহপান কৰোৱাই হত্যা কৰাৰ অভিযোগ আনিছে বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে৷ ইতিমধ্যে মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে লামডিঙ থানাত হত্যাৰ অভিযোগত স্বামী পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷
এজাহাৰৰ ভিত্তিত লামডিং আৰক্ষীয় সন্দেহৰ ভিক্তিত স্বামী মাধৱ দাস আৰু শাহুৱেক দিপালী দাসক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে৷