
newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত বিজেপি-পিডিপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ ৰিজিজুৱে কংগ্ৰেছৰ প্ৰত্যাক্ৰমণ কৰি প্ৰাক্তন প্ৰধামন্ত্ৰী জৱাহৰলাল নেহেৰুৱেই কাশ্মীৰত সমস্যা সৃষ্টি কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
ৰিজিজুৱে কয়, ‘চৰ্দাৰ পেটেলে অন্য প্ৰান্তৰ সমস্যাসমূহ দূৰ কৰিলে৷ নেহৰু জীয়ে কাশ্মীৰৰ দায়িত্ব নিজৰ হাতত লৈ সমস্যাৰ সৃষ্টি কৰিলে৷’ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘হাজাৰ হাজাৰ লোক নিহত হ’ল৷ কাশ্মীৰী পণ্ডিতসকলৰ নৰসংহাৰ হ’ল৷ তদুপৰি ১.৬০ লাখ লোক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াও হ’ল৷’
বিজেপি নেতা কিৰেণ ৰিজিজুৱে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক আক্ৰমণ কৰি কয়, ‘আপোনাৰ পৰিয়ালে কাশ্মীৰ ধ্বংস কৰিলে আৰু আপুনি বিজেপিকে দোষ দি আছে৷’
উল্লেখ্য যে, কাশ্মীৰত পিডিপি আৰু বিজেপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছতে মঙলবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰি ইয়াৰ বাবে বিজেপিক দোষী বুলি মন্তব্য কৰিছিল৷ পিডিপি-বিজেপিয়ে জম্মু-কাশ্মীৰক জুইৰ মাজলৈ থেলি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ বিজেপি আৰু পিডিপি চৰকাৰৰ কাৰণে ৰাজ্যখনত বহু লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে বুলিও মন্তব্য কৰে ৰাহুলে৷
ৰাহুল গান্ধীয়ে টুইট কৰি কৈছিল যে, কাশ্মীৰৰ মিত্ৰজোঁটে ভাৰতৰ কুটনৈতিক ক্ষেত্ৰখনৰো ক্ষতি কৰিছে৷ তদুপৰি ইউপিএৰ কঠিন প্ৰয়াসো ধ্বংস কৰিছে৷ আনহাতে জম্মু-কাশ্মীৰত এই ধ্বংসলীলা ৰাজ্যপাল শাসনতো অব্যাহত থাকিব বুলি দাবী কৰিছিল ৰাহুল গান্ধীয়ে৷