23
Feb
2017

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ চিথিলা ধেপধেপীৰ পৰা সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই অাজি এগৰাকী যুৱতী সহিতে কেএলঅ'ৰ ৩ লিংকমেন আটক কৰিবলৈ সক্ষম হৈছে ।
সেনা অাৰক্ষীৰ হাতত আটকাধীন কেএলঅ'ৰ লিংকমেন তিনিগৰাকী হ'ল ক্ৰমে ধেপধেপী গাঁওৰ হিতেশ্বৰী বৰুৱা(২২), হজেন্দ্ৰ বৰ্মন(২৫) অাৰু বিজয় বৰুৱা(১৯)।
ইয়াৰে হজেন্দ্ৰ বৰ্মনৰ পৰা আৰক্ষীয়ে ১২ বৰৰ বন্দুক আৰু গুলী জব্দ কৰিবলৈ সক্ষম হৈছে ।