গুৱাহাটীঃ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা ১০০০ কৃষক পৰিয়ালক কঠিয়া বিতৰণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ ব্ৰহ্মপুত্ৰৰ তথা উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে কৃষকৰ কঠিয়া নষ্ট কৰি পেলোৱাৰ সময়তে সংগঠনটোৱে ওখ ঠাই বিছাৰি কঠিয়া পৰাৰ ব্যৱস্থা কৰে৷

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে বোকাখাত পানবাৰীৰ কৃষি পাম নিগমত পৰা ৩০ বিঘা মাটিৰ কঠীয়া দুখিয়া কৃষকৰ মাজত বিতৰণ কৰে৷

বোকাখাত সমষ্টিৰ কাজিৰঙা, জাপৰি পথাৰ, ডিফলুপথাৰ, আমটেঙা, বহিযোৱা, মৰিধনশ্ৰী, ভেলৌগুৰিকে ধৰি প্ৰায় ৫০ খন গাঁৱৰ লোক কঠিয়া নিজে তুলি নিয়ে। প্ৰায় ১০০০ টা পৰিয়ালক আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাকে আদি কৰি গোলাঘাট জিলা সমিতিৰ বিষয়বগীয়াৰ লগতে বোকাখাত মহকুমা সমিতিৰ বিষয়বগীয়াও উপস্থিত থাকি ৰাইজক কঠিয়া বিতৰণ কৰে।