14
Dec
2017

ফাইল ফটো
মোৰাঝাৰঃ বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হোজাইৰ ডবকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷
ডবকাৰ পান বজাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক পত্যাহাৰৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্রতিকৃতি দাহ কৰি বিজেপি মুৰ্দাবাদ, বিজেপি-আৰএছএছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷