
লখিমপুৰ/তিনিচুকীয়া/যোৰহাট/গোলাঘাট/গোৱালপাৰা/চাবুৱা/গুৱাহাটীঃ বুধবাৰে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ বাতিল কৰাৰ দাবীত অনশন কাৰ্যসূচী পালন কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিখন জিলা সমিতিয়ে নিজ নিজ জিলাৰ সদৰত বুধবাৰে পুৱাৰে পৰা অনশনত বহি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
উজনি-নামনিৰ প্ৰতিখন জিলাৰ সদৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী, মহিলা নেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ মানি লোৱা নহ'ব বুলি কয় ৷ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, গোৱালপাৰা, লখিমপুৰ, গুৱাহাটী মহানগৰ, শিৱসাগৰ আদি জিলাত পুৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ হিন্দু নাগৰিকক সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে পুনৰ সংগঠনটোৱে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে চৰকাৰক সকীয়াই দি কোনো কাৰণত অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’ব লৈ এৰি দিয়া নহ’ব বুলি কয়৷
চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধ কৰি ‘অনশন’ শীৰ্ষক প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিয়ে৷ সংগঠনটোৰ উজনি-নামনিৰ প্ৰতিখন জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব নিদিয়াৰ কথা চৰকাৰক স্পষ্ট কৰি দিয়ে৷ অসমত এজনো হিন্দু বাংলাদেশী সংস্থাপন কৰিলে চৰকাৰক গাদীৰ পৰা যাব লাগিব বুলি কয় সংগঠনটোৱে৷
অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি কয় সংগঠনটোৱে৷ অসমৰ এটা সংগঠনে হিন্দু বাংলাদেশী সংস্থাপনৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি প্ৰচাৰ হোৱা খবৰকো প্ৰতিখন জিলা সমিতিয়ে ধিক্কাৰ দিয়ে৷
অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক আৰু কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে কৃষক মুক্তিয়ে৷ চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ পৰাত সোচ্চাৰ হৈ পৰি প্ৰতিবাদস্থলিৰ পৰাই খিলঞ্জীয়াৰ জীৱনলৈ সংশয়ৰ ভাৱনা আনিব পৰা যিকোনো বিজতৰীয়া শত্ৰুক ৰোধ কৰাৰ বাবে কৃষক মুক্তি সদায় সাজু থকা বুলি কয়।
চৰকাৰে যাতে কোনো কাৰণতে খিলঞ্জীয়াক বিপদাপন্ন কৰিব নোৱাৰে, তাৰ বাবে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি ৰাজ্যজুৰি সংগঠনটোৰ জিলা সমিতিসমূহে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা ৰাজ্যৰ চৰকাৰ তথা বিজেপি চৰকাৰ খনক বাংলাদেশী সংস্থাপন সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়৷
উল্লেখ্য যে, অসমৰ কেইটামান সংগঠনক দিল্লীলৈ মাতি নি যোৱা ১৭ এপ্ৰিলত যুটীয়া সংসদীয় সমিতিয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷ দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ ১৬টা সংগঠনে অংশ লয়৷ যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
ৰঙালী বিহু চলি থকাৰ সময়তে এই বৈঠক অনুষ্ঠিত কৰাৰ লগতে অসমৰ পৰিৱৰ্তে দিল্লীত বৈঠক অনুষ্ঠিত কৰাত সোচ্চাৰ হৈ পৰিছে একাংশ দল-সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিক৷
কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি অসমীয়াৰ মত গ্ৰহণ কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷