গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টা  সংগঠনৰ দেওবাৰে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিছে।

কাইলৈৰপৰা তিনিটা পৰ্যয়ত হ'ব বিধেয়কৰ বিৰুদ্ধে প্ৰত্যেক জিলাতে গণ সত্যাগ্ৰহ। ২৮ নৱেম্বৰত সাংবাদিক, লেখক, বুদ্ধিজীৱী আৰু নাগৰিক সমাজক লৈ কৃষক মুক্তিৰ কাৰ্যলয়ত জাতিধ্বংসী বিধেয়কখনক লৈ আলোচনা আৰম্ভ কৰা হ'ব।

সত্তৰটা সংগঠনে ডিচেম্বৰৰ প্ৰথম সপ্তাহৰপৰা দিল্লীত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে।

আজি এই সন্দৰ্ভত কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে এক সাংবাদিক মেলত  শাসকীয় বি জে পি  আৰু দলটোৰ মন্ত্ৰণাদাতা আৰ এছ এছক তীব্ৰ সমালোচনা কৰে। ইয়াৰ উপৰিও পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ আগে আগে ৰাম মন্দিৰক লৈ কৰা ৰাজনীতি সন্দৰ্ভতো  কৃষক নেতাজনে মন্তব্য কৰে।

আগন্তক পঞ্চায়ত নিৰ্বাচনত অ গ প আৰু বি জে পিৰ গোপন মিত্ৰতাক সমালোচনা কৰাগগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে। ইয়াৰ লগতে ধাৰাবাহিকভাৱে মন্দিৰত হৈ থকা চুৰি কাণ্ড সন্দৰ্ভতো কৃষক নেতাজনে নিজৰ মন্তব্য আগবঢ়ায়।

আজি প্ৰকাশ কৰা আন্দোলনৰ কাৰ্যসূচীমতে ২৬ নৱেম্বৰত গণ সত্যাগ্ৰহ হ'বলগীয়া  জিলাকেইখন হ'ল তিনিচুকীয়া, শিৱসাগৰ,নগাঁও আৰু গোৱালপাৰা। ২৭নৱেম্বৰত ধেমাজি, ডিব্ৰুগড়, যোৰহাট, সোনাৰী, গোলাঘাট, মৰিগাঁও, বৰপেটা, ওদালগুৰি, কামৰূপ, ধুবুৰী আৰু কাছাৰ জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। একেদৰে  ২৮ নৱেম্বৰত হোজাইত কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০ সংগঠনে এই গণ সত্যাগ্ৰহ ৰূপায়ণ কৰিব।