
newsnextone.com | চাবুৱাঃ ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী কৰি দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷
আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷ এতিয়াই যদি প্ৰতিবাদ নকৰে, তেন্তে এদিন নিজৰ মাটিতে ভগনীয়া হ’ব লাগিব বুলি সতৰ্ক কৰি দি গণসচেতনতা গঢ়ি তুলিবলৈ চেষ্টা চলোৱা গৈছে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰাৰ দাবীত দেওবাৰে দুলীয়াজানত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কে অসমলৈ বিপদ মাতি আনিব বুলি কৈ কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
বিধেয়ক বাতিলৰ দাবীত কেইবাটাও সংগঠনৰ আহ্বানত ওলাই অহা ৰাইজে দুলীয়াজানত জোৰঁ সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীৰ উপস্থিতিত উলিওৱা জোঁৰ সমদলত অংশ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ অসমীয়াই প্ৰাণ দিবলৈ সাজু আছে বুলি কয় কৃষক নেতা হেমন্ত কোঁৱৰে।
দুলীয়াজানৰ ১৬নং তিনিআলিৰ পৰা উলিওৱা জোৰঁ সমদলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও টাইপা, আটাছু, তৈলক্ষেত্ৰ গণ মুক্তি সংগ্ৰাম সমিতিৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰূপেন সন্দিকৈ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জীৱন ফুকন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মাধুৰ্য্য বৰুৱা আদিয়ে কাৰ্যসূচীত অংশ লয়৷