মাৰ্ঘেৰিটাঃ কংগ্ৰেছৰ শাসন কালত স্থাপন কৰা ৰাজ্যৰ বহু অনুষ্ঠান এতিয়া এৰাবাৰীত পৰিণত হৈছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰণ গগৈ আৰু তেতিয়াৰ কংগ্ৰেছী স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য এলেকাত বহু চিকিৎসালয়-শিক্ষানুষ্ঠান স্থাপন কৰিছিল৷ কেৱল চমক সৃষ্টি কৰা মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো এলেকাতে হাবি জংঘলৰ মাজত চিকিৎসালয়-শিক্ষানুষ্ঠান স্থাপন কৰাৰ বাবে ধনৰ আৱন্টন দিছিল৷ অসমৰ বিভিন্ন প্ৰান্তত চূণ-তেল সনা বহু চিকিৎসালয়-শিক্ষানুষ্ঠান থিয় হৈ আছে যদিও অনুষ্ঠান সমূহ তলা ওলমি আছে৷

হাবি-জংঘলে আৱৰি ধৰা চিকিৎসালয়-শিক্ষানুষ্ঠান সমূহৰ দুৱাৰ-খিৰকী সমূহ ক্ৰমে জহি-খহি যাবলৈ ধৰিছে যদিও এতিয়াৰ চৰকাৰ আৰু পূৰ্বৰ কংগ্ৰেছী মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰা নাই৷ চমক সৃষ্টিৰ বাবে আঁচনি ঘোষণা ৰূপায়ন কৰা প্ৰতিখন চৰকাৰে ৰাজকোষত জমা হোৱা ৰাইজে প্ৰদান কৰা ৰাজহৰ ধন অবাবতে অপব্যায় কৰি আহিছে৷ 

তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্যত কাঠফুলাৰ দৰে স্থাপন কৰিছিল শিক্ষানুষ্ঠান-চিকিৎসালয়৷ সেইবোৰত এতিয়া গৰু-ছাগলী থকা ঘৰ আৰু মদপীৰ আড্ডাস্থল হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চমক সৃষ্টিৰ বাবে এনে অনুষ্ঠান স্থাপন কৰি এতিয়া গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়েই বৰ্তমান দুয়োটা বিভাগৰ মন্ত্ৰী হৈ আছে৷ 

কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিভিন্ন কাৰণতেই হওক বৰ্তমানৰ চৰকাৰে এই চিকিৎসালয় তথা শিক্ষানুষ্ঠান সমূহক কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ তেনে এখন শিক্ষানুষ্ঠান হৈছে গৰৈমাৰী স্থিত আইটিআই শিক্ষা প্ৰতিষ্ঠান৷

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দুবছৰৰ পিছতো তিনিচুকীয়া জিলাৰ লিডু, ডিৰাক আৰু শদিয়াত একোখনকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰিছিল৷ ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক ঔদ্যোগিক প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপনৰ ব্যৱস্থা কৰাৰ যি পৰিকল্পনা হাতত লৈছে সেইয়া যেন অসাৰ প্ৰতিপন্ন হৈছে 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে তিনিচুকীয়া জিলাৰ লিডু, ডিৰাক আৰু শদিয়াত একোখনকৈ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল৷ লিডুৰ উদ্যেগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ ১০০ শতাংশ কাম সম্পূৰ্ণ কৰাৰ পিছতো পাঠদানটো দুৰৰ কথা নামভৰ্তিয়ে আজিলৈ ন’হল৷

যাৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী শিক্ষাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে৷ ৰাইজে স্থানীয় বিধায়কক কেইবাবাৰো শিক্ষানুষ্ঠান খন পাঠদান কৰাৰ দাবী জনাই নআহিছে যদিও বিধায়কে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন গৈছে৷ তাৰ লগে লগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহুবাৰ বিধায়কক সাক্ষ্যৎ কৰাৰ পিছতো আজি পৰ্যন্ত লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷

লিডু দৰে পিছ পৰা ঠাইৰ শিক্ষানুষ্ঠান খন শিক্ষক নিযুক্তি নিদিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ক্ষোভ প্ৰকাশ কৰি লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰাংগনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসূচীৰ অন্তত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে শিক্ষানুষ্ঠান খন পাঠদান কৰাৰ আহ্বান জনায়।