
চাবুৱাঃ উন্নয়ণৰ শ্ল’গান দি শাসনৰ গাডী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত মেৰামতিৰ অভাৱত পুখুৰীত পৰিণত হৈছে এটি পথ৷ জিলা প্ৰশাসন তথা মন্ত্ৰী-বিধায়কে গুৰুত্ব আৰোপ নকৰাত পথটোত গাড়ী-মটৰটো দূৰৰ কথা খোজ কাঢ়িবৰ পৰিবেশ নোহোৱা হৈছে৷
ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত চাবুৱা-টেঙাখাত গড়কাপ্তানী পথটো মেৰামতি নকৰাৰ ফলত পথৰ মাজত গাতৰ সৃষ্টি হোৱাৰ লগতে এজাক বৰষুণ দিয়াৰ লগে লগে পুখুৰীত পৰিণত হয়৷ জৰাজীৰ্ণ পথটো শীঘ্ৰে নিমাৰ্ণ কৰাৰ দাবী জনাই চাবুৱা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
সংগঠন দুটাই এক বিবৃতি যোগে দিনে-নিশাই পথটোৰে শিল, বালি, ইটাৰ লগতে চাহ পাত কঢ়িওৱা বৈধ-অবৈধ শ-শ ট্ৰাক অহা যোৱা কৰে। যাৰ বাবে সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। পথটোত পুখুৰীসদৃশ প্ৰকাণ্ড-প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত দিনে-নিশাই অহা যোৱা কৰা শ-শ গাঁৱৰ ৰাইজে সাধাৰণ চাইকেল, ঠেলা চলোৱা লোকৰ বাবে এতিয়া পথটোত অহা যোৱা কৰাটো একপ্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে। সংগঠন দুটাই গড়কাপ্তানী বিভাগক শীঘ্ৰে পথটো নিমাৰ্ণ কৰাৰ দাবী জনায়।