
শিমলুগুৰি/আমগুৰি/ধেমাজিঃ কৃষক নেতা অখিল গগৈক অসম আৰক্ষীয়ে আটক কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীয়ে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিত পথ অৱৰোধ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শিমলুগুৰিত৷
ধোদৰ আলি পথ টায়াৰ জ্বলাই অৱৰোধ কৰি অখিল গগৈক মুক্তি দিয়াৰ দাবী জনায়৷ ধেমাজি জিলাতো সংগঠনটোৱে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰৰ আমগুৰিতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওলোকৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায় শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায়৷
ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি বিনা চৰ্তত অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী জনায়৷ ডিব্ৰুগড় আৰক্ষীয়ে কৃষক অখিল গগৈক গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ নিয়া বুলি প্ৰচাৰ হোৱাৰ পাছৰে পৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মী ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
গোলাঘাটৰ নিজ গৃহৰ পৰা জোৰ জুলুম কৈ ডিব্ৰুগ আৰক্ষীয়ে উঠাই অনা বুলি অভিযোগ উত্থাপন হয়। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনসাধাৰণে গণতান্ত্ৰিক দেশত কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য মঙলবাৰে মৰাণৰ এক সমাৱেশত অংশ গ্ৰহণ কৰি চৰকাৰে হিন্দু বাংলাদেশী অসমলৈ আনিলে অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ দিছিল৷
এই হুংকাৰৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত সন্ধিয়াৰ ভাগত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাক প্ৰশ্ন কৰাত তেওঁ মঙলবাৰৰ সভাত আগবঢ়োৱা মন্তব্যৰ ভিত্তিতে অখিলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰে।