
চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মূৰত ক্ষমতাই ধৰিছে। ক্ষমতাই মূৰ ধৰা এনে নেতাক গাদীৰ সৈতে দাঙি নি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে।" ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ এই হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক দেবব্ৰত শইকীয়াৰ।
অসমীয়াৰ আৱেগ জড়িত অইল ইণ্ডিয়া লিমিটেডক ভাৰতীয় তেল নিগমৰ (IOCL) সৈতে চামিলকৰণৰ সিদ্ধান্তৰ সন্দৰ্ভত জাতীয় নায়ক মুখ্যমন্ত্ৰীগৰাকীৰ ৰহস্যজনক মৌনতাৰ অৱলম্বনৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
অইল আৰু ভাৰতীয় তেল নিগমৰ একত্ৰীকৰণৰ বিৰুদ্ধে আজি সংগঠন দুটাৰ ডিব্ৰুগড় জিলাই অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে বিশাল গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। শতাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত প্ৰতিবাদস্থলীৰ পৰা কৃষক মুক্তিৰ কেন্দ্ৰীয় সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু ছাত্ৰ মুক্তিৰ দেবব্ৰত শইকীয়াই কয় যে অসমীয়া মানুহক মূৰ্খ সজাই নৰেন্দ্ৰ মোদীয়ে অসমৰ সম্পদ লুটি নিবলৈ বিচাৰিছে।
বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলক ভাবে অসমৰ অৰ্থনৈতিক অধিকাৰ কাঢ়ি লৈ যাব বিচৰাটোৱে খিলঞ্জীয়াৰ ওপৰত মোদীৰ অৰ্থনৈতিক আক্ৰমণ। ইতিমধ্যে অসমৰ ১৩ খন তৈলক্ষেত্ৰ বিদেশী কোম্পানীক গতোৱাৰ পাছত এতিয়া অইল ইণ্ডিয়াৰ ৬৬.১৩ শতাংশ শ্বেয়াৰ কেন্দ্ৰীয় চৰকাৰে আই অ চি এলক গতাব বিচাৰিছে ।
ইফালে আই অ চি এলতকৈ অইলৰ বজাৰ মূলধন মাত্ৰ ১০ শতাংশ। তেনেদৰেই অইলৰ নিয়োগ ক্ষেত্ৰখনো সংকুচিত হৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত অসমৰ বহু নিবনুৱা চাকৰিৰ পৰা বঞ্চিত হৈ ৰ'ব। এনে জটিল সন্ধিক্ষণতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট নকৰাটো জাতীয় নায়কৰ পৰিচয় নহয় বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে। জাতীয় নায়ক গৰাকীক খলনায়ক হিচাপেও অভিহিত কৰে সংগঠন দুটাই।
প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ মুৰ্দাবাদ, মোদী মুৰ্দাবাদ, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, অসমীয়া জাতি ধ্বংস কৰাৰ সিদ্ধান্ত বাতিল কৰক, অইল - আই অ' চি এল একত্ৰীকৰণৰ সিদ্ধান্ত বাতিল কৰক আদি শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
প্ৰতিবাদৰ অন্তত অইল আৰু আই অ চি এল একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলকৰণ, চুক্তিকৰণৰ কাৰণ ৰাজহুৱা কৰা আৰু অইলক লাভজনক উদ্যোগ ৰূপে গঢ়ি তোলাৰ দাবী তুলি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। পুৱা ১১ বজাৰ পৰা ২ বজালৈ ৰূপায়ণ কৰা এই আন্দোলনৰ পাছত প্ৰতিবাদকাৰীয়ে সমদলেৰে চহৰখনৰ পিপলতল হৈ পুনৰ অইলৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান কৰে।
প্ৰতিবাদস্থলীত উপস্থিত হোৱা টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আশুতোষ ডেকা, অইলৰ ডি জি এম নৰেণ ভূঞা, অইলৰ প্ৰশাসনিক বিষয়া গৌৰাংগ বৰগোহাঁই, বিভূতি বৰুৱাৰ হাতত এই স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ প্ৰতিলিপি পেট্ৰ'লিয়াম মন্ত্ৰী, বিত্তমন্ত্ৰী, অধ্যক্ষ সচিব পেট্ৰলিয়াম দপ্তৰ, মুখ্যমন্ত্ৰী, মুখ্য সচিব, অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অইল আৰু আই অ চি এললৈ প্ৰেৰণ কৰে।
প্ৰতিবাদস্হলীত উপস্থিত থাকে কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মধুৰাম গগৈ, সাংগঠনিক সম্পাদক আকাশ দলে, জিলা সভাপতি ইন্দ্ৰ গগৈ, যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰ, ছাত্ৰ মুক্তিৰ জিলা সভাপতি নুবুল ভৰালী, যুটীয়া সম্পাদক বিশ্বজিৎ ফুকন আৰু মাধুৰ্য্য বৰুৱা, বিত্ত সম্পাদক হিৰণ্য পাঠেৰীসহ অন্যান্য নেতৃবৰ্গ আৰু সদস্যসকল।