newsnextone.com | চাবুৱাঃ অবৈধ লালিগুড়ৰ ব্যৱসায় বন্ধ কৰা, জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদানৰ দাবীত মঙলবাৰে টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ 

সংগঠন তিনিটাৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ৰাজগড় আৰু টিংখাঙ অঞ্চলৰ অবৈধ সুৰাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা, লালি গুড়ৰ ব্যৱসায় বন্ধ কৰা আৰু জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদানৰ দাবী জনায়৷ 

সংগঠন তিনিটাই ৰাজগড় আৰু টিংখাঙ অঞ্চলৰ অবৈধ সুৰাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা, লালি গুড়ৰ ব্যৱসায় বন্ধ কৰাৰ দাবী জনাই অহাৰ পিছতো আৰক্ষী প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। বৰ্তমানলৈকে ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগ আৰু আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ পুনৰ টিংখং ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।