মোৰাঝাৰঃ সদৌ অসম কবি সন্মিলনৰ কেইবাখনো জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ইতিমধ্যে ভাৰত চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷ কবি সন্মিলনে কেন্দ্ৰীয় চৰকাৰক কেইবাটাও যুক্তি প্ৰদৰ্শন কৰি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত নকৰিবলৈ সকীয়াই দিয়ে সন্মিলনে৷ বিভিন্ন জিলা সমতিৰি লগতে হোজাই জিলা কবি সন্মিলনে হোজাই জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিক স্মাৰক পত্ৰ প্ৰদান কৰে। 

সন্মিলন প্ৰদান কৰা স্মাৰক পত্ৰত বিধেয়কৰ তীব্ৰ বিৰোধ কৰি বিধায়ক খন গ্ৰহণ নকৰিবলৈ ৫টা যুক্তি উত্থাপন কৰে৷ অসমৰ ভাষিক গাঁথনিত বিৰূপ প্ৰভাৱ, খিলঞ্জীয়া ভূমিপুত্ৰৰ আৰ্থ-ৰাজনৈতিক অধিকাৰ সংকুচিত হৈ বিদেশীৰ প্ৰভাৱ বিস্তাৰৰ বাট সুগম কৰা, অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ অসম চুক্তিক ধুলিস্যাৎ কৰা, ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংস্কাৰ স্বৰূপ অসমৰ বৈচিত্ৰময় সাংস্কৃতিক স্বকীয়তাক নিঃশেষ কৰিব আৰু ১৯৭০ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা বিদেশী নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়াক মষিমূৰ কৰিব বুলি যুক্তি দাঙি ধৰে সন্মিলনে৷ 

হোজাই জিলা কবি সন্মিলনৰ সভাপতি ড০ হাছিনুচ চুলতান, উপদেষ্টা মহানন্দ বৰা চুতীয়া, জিলা সম্পাদক তপন কুমাৰ নগঞা, সহ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, পত্ৰিকা সম্পাদক শাৰংগধৰ ৰাজা, জিলা কাৰ্যনিৰ্বাহক সদস্য এনাম হুছেইন, জীয়া চৌধুৰী, ইমৰাণ হুছেইন মজুমদাৰ, মোপাঝাৰ শাখা কবি সন্মিলনৰ সম্পাদক ছাদিকুজ জামান, পাৰবেজ আহমেদ, হিফজুৰ ৰহমান, মহিউদ্দিন আহমেদ, চামচুজ জামাল, ডবকা শাখা কবি সন্মিলনৰ সভাপতি ৰফিক উদ্দিন, যমুনামুখ শাখা কবি সন্মিলনৰ সভানেত্ৰী মিনতি দেৱী কাকতি, নীলবাগান শাখা কবি সন্মিলনৰ সম্পাদক মোস্তাফা আল আমিনৰ লগতে বহু কেইজন কবিৰ উপস্থিতিত শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত স্মাৰক প্ৰদান কৰে৷