
ঢেকীয়াজুলিঃ দৰা অবিহনে এখন বিদ্যালয়ত ২৮ গৰাকী ন-কইনা৷ কইনাৰ সাজেৰে সাজি-কাঁচি অহা ন-কইনাসকলে দৰাৰ বাবে নহয় পুৰস্কাৰৰ বাবেহে ন-কইনাৰ সাজেৰে ওলাই আহিছে৷ শোণিতপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হঠাৎ দেখা গ’ল একাংশ ছাত্ৰীক ন-কইনাৰ ৰূপত৷
কইনাৰ সাজত তেওঁলোক বিদ্যালয়খনলৈ আহিছে শোণিতপুৰৰ ‘গতি’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অনুষ্ঠিত কৰা কইনা প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্যেহে৷ ‘গতি’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ঠেলামৰা অঞ্চলৰ প্ৰায় আঁঠখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু কইনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷
ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত কৰা এই কইনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে অসমীয়া, বড়ো, নেপালী, বঙালী আদি সম্প্ৰদায়ৰ পৰম্পৰাগত সাজ পৰিধান কৰি কইনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ৰুমী মহন্ত, সোভনা বড়ো, নিংকুনিশা নেওগ নামৰ তিনি গৰাকী শিক্ষয়িত্ৰী এই প্ৰতিযোগিতাত বিচাৰকৰ ভূমিকা পালন কৰে৷
বিদ্যালয়ৰ অধ্যক্ষ দুলাল নাথৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰা কইনা প্ৰতিযোগিতাই প্ৰেক্ষাগৃহত এক হাস্যমধুৰ পৰিৱেশৰ সৃষ্টি কৰে৷ এই প্ৰতিযোগিতাৰ অন্ত পৰাৰ পিছতেই বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰহেলিকা তথা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷
ঠেলামৰা হাইস্কুলৰ শিক্ষক-লেখক আবুল ইছলাম, শিলিখাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তিলক কৈৰালাই এই প্ৰতিযোগিতা পৰিচালনা কৰে৷ গতিৰ মুখ্য সম্পাদক তথা বিশিষ্ট শিক্ষক তথা লেখক হিৰণ্য কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশত সহায়ক হ’ব বুলি অভিভাৱকসকলে মত প্ৰকাশ কৰিছে।