14
Aug
2017

কোকৰাঝাৰঃ আজি সন্ধিয়া কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গেন্দ্ৰাবিল বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হয়। উক্ত অগ্নিকাণ্ডত ৫খন দোকান জুইত জাহ যায়।
এটা ডিটিপি চেণ্টাৰৰ পৰা চৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি আৰক্ষীয়ে সন্দেহ ব্যাক্ত কৰিছে। উক্ত অগ্নিকাণ্ডত কমেও ১০ লক্ষাধিক টকা মুল্যৰ সম্পত্তি জুইত জাহ যোৱা বুলি অনুমান কৰা হৈছে। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয় ।