কোকৰাঝাৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামক প্ৰায় দুমাহ পুৰ্বে কোকৰাঝাৰ চহৰত দিন দুপৰতে হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ছাত্ৰ নেতাৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হয় কোকৰাঝাৰত৷ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক অবিৰাম ৰায়ৰ ঘৰত শনিবাৰে ১৫-২০জনীয়া দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়।

দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে আক্ৰাছু কৰ্মীগৰাকীক অপহৰণৰ চেষ্টা চলাই বিফল হোৱাত ঘৰ দুৱাৰ, গাড়ী ভাঙি চুৰমাৰ কৰে৷ আক্ৰমনৰ ফলত আক্ৰাছু নেতাগৰাকীৰ বাসগৃহৰ খিৰিকীৰ সম্পূৰ্ণ আইনা ভাঙি চুৰ্ণাকৃত হোৱাৰ লগতে দুৰ্বৃত্তই এখন বলেৰ’, আচবাব-পত্ৰ আৰু স্কুটি এখনৰ ক্ষতিসাধন কৰে। দুৰ্বৃত্তই অবিৰাম ৰায়ৰ সহধৰ্মিনীকো আক্ৰমন কৰে। দুৰ্বত্তৰ ৰুদ্ৰমূৰ্তি দেখি অবিৰাম ৰায়ে নিজ ঘৰৰে কোঠা এটিত সোমাই৷

কোঠাত সোমোৱাৰ পিছতে লংকাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তই নিৰ্বিঘ্নে আঁতৰি যায়৷ আক্ৰাছুৰ আগন্তুক অধিবেশন আৰু আক্ৰাছুৰ একত্ৰিকৰণ প্ৰক্ৰিয়াক লৈ বঙাইগাঁৱত আক্ৰাছুৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ সময়তে শনিবাৰে দিন দুপৰতে কোকৰাঝাৰৰ বালাগাঁও নিৱাসী অবিৰাম ৰায়ৰ বাসগৃহত সংঘটিত এই ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে আক্ৰাছুৰ প্ৰাক্তন নেতা অবিৰাম ৰায়ে দুৰ্বৃত্তই তেওক কিয় আক্ৰমণৰ লক্ষ্য কৰি ললে সেই বিষয়ে অজ্ঞতা প্ৰকাশ কৰাৰ লগতে বালাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি ঘটনাৰে সৈতে জড়িত অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰে। এগৰাকী আক্ৰাছুৰ প্ৰাক্তন নিষ্ঠাবান কৰ্মীক আক্ৰমণ কৰা ঘটনাক কোনোপধ্যে সহজভাৱে গ্ৰহন কৰা নহ’ব বুলি সদৰি কৰি আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে৷ আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনকে ধৰি বহু সংখ্যক আক্ৰাছুৰ নেতা কৰ্মীয়ে সম্প্ৰতি অবিৰাম ৰায়ৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দুৰ্ষ্কৃতিকাৰীৰ কাণ্ডত ক্ষুব্ধ হৈ পৰিছে। কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্বৃত্তক ধৰিবলৈ অভিযান চলাই থকা বুলি জানিব পৰা গৈছে৷