
কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ সপ্তম বাৰ্ষিক শ্বহীদ দিৱসৰ সোমবাৰে সফল সামৰণি পৰে৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ শিঙিমাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সংখ্যালঘু সংগঠনটোৰ শ্বহীদ দিৱসৰ লগতে ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি নকৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে কোনোপধ্যে বাদ নপৰে তাৰ প্ৰতি সতৰ্ক হবলৈও চৰকাৰক আহ্বান জনায়৷ আনহাতে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আঢ়ৈমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ নোহোৱালৈকে এবিএমছুই গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰে আলি আজম সেখে ৷
এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আলহাজ মইজুদ্দিন মাহমুদে ৰাজ্যত ডি-ভোটাৰৰ নামত হাৰাশাস্তি চলোৱা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি হাৰাশাস্তি বন্ধ কৰাৰ স্বাৰ্থত আন্দোলনৰ বাহিৰে আন পথ নাই বুলি মন্তব্য কৰে৷
অন্যায়ৰ বিৰুদ্ধে মাত নামাতিলে সুফল পোৱা নাযায় বুলি মন্তব্য কৰি অধিবক্তাগৰাকীয়ে সমস্যা সমূহ বিধানসভা আৰু সংসদৰ মজিয়াত সজোৰে উত্থাপন নকৰিলে সমস্যাসমূহ সমস্যা হৈয়ে ৰব বুলি কয়। গোচৰ চলি থকা সময়ত বিদেশী ন্যায়াধীকৰণত তথ্যপাতি ঠিকমতে জমা নিদিয়াৰ বাবেই বহু লোক বিদেশী বুলি অভিযুক্ত হৈ ডিটেনশন কেম্পত দিন অতিবাহিত কৰিব লগা হৈছে বুলি কৈ সজোৰে সংসদত দাবীসমূহ উত্থাপন কৰাৰ বাবে যোগ্য সাংসদৰ দৰকাৰ আৰু আমি আজিও যোগ্য সাংসদ নিৰ্বাচনত ভুল কৰি আহিছো বুলি তাপপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আলহাজ মইজুদ্দিন মাহমুদে৷
মুকলি সভাত আইন সংগত দলবদ্ধ ভাতৃ সুলভ পৰিষদ (অসম) অধ্যক্ষ ইমদাদুৰ ৰহমান, জিলা প্ৰকল্প বিষয়া জাহাঙ্গীৰ হুছেইন, বঙ্গাইগাওঁ জিলা কংগ্ৰেছৰ সম্পাদক কাসেম বনিয়া, বৰপেটা জিলা কংগ্ৰেছৰ সভানেত্ৰী জয়া বৰ্মনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে সহস্ৰাধিক সাধাৰণ ৰাইজ উপস্থিত থাকে ৷