কোকৰাঝাৰঃ শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ মুল উদ্দশ্যেৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় পথাৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বৈশাগু বাৰদৈ চিখলা উৎসৱ আৰম্ভ হৈছে। বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত হোৱা বৈশাগু বাৰদৈ চিখলা উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু, বৈশাগু নৃত্যৰ দলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি উপস্থিত বিহুবলীয়া ৰাইজক আপ্লুত কৰে৷ প্ৰতিযোগিতা আয়োজিত কৰা হয়৷ বৈশাগু নৃত্য, বিহু নৃত্যৰ উপৰিও ৰাভা, গাৰো, মিচিং আদি জনগোষ্ঠীও নৃত্যই উদযাপনথলীৰ পৰিৱেশ মুখৰিত কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উৎসৱৰ শুভাৰাম্ভ কৰি কয় যে ৰাজ্যৰ সকলো জাতি জনগোষ্টীক লৈ বিটিচি প্ৰশাসনৰ উদ্যোগত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা সমাজলৈ যাব বুলি আশা প্ৰকাশ কৰে। 

উল্লেখযোগ্য যে দেওবাৰে অৰ্থাৎ ৬ মে’ৰ অন্তিম দিনৰ কাৰ্যসূচীত ৰাজ্যৰ প্ৰতিটো ছাত্ৰ সংগঠনৰ নেৰ্তৃবৰ্গৰ লগতে অসম সাহিত্য সভাৰ সভাপতিৰ পৰমানন্দ ৰাজবংশী আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব। শনিবাৰৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মকে ধৰি বিপিএফৰ বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।