♦ আঞ্চলিক আক্ৰাছুৰ সভাপতিসহ ১০ জনক আটক ♦

কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছেৰফাংগুৰীৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ইউ টি চিৰ বিৰোধিতাৰে আক্ৰাছুকে ধৰি কেইবাটাও সংগঠনে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাতে মঙলবাৰৰ নিশা ১১ মান বজাত দুৰ্ষ্কৃতিকাৰীয়ে চেৰফাংগুৰীৰ ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত থানাৰপৰা মাথো এক কিল'মিটাৰ আৰু আক্ৰাছু কাৰ্যালয়ৰ পৰা মাথো ১০০ মিটাৰ আঁতৰত এখন ১৮ চকীয়া ময়দা ভৰ্তি ট্ৰাক জ্বলাই দিয়াৰ লগতে ট্ৰাকত থকা চালক আৰু সহ-চালককো আক্ৰমণ কৰে।
উত্তৰ প্ৰদেশৰপৰা তেজপুৰ অভিমুখী ইউ পি ২৬ এ টি ৬৩৯০ নম্বৰৰ ট্ৰাকখন চেৰফাংগুৰীত উপস্থিত হোৱাৰ পাছতে দুষ্কৃতিকাৰীৰ আক্ৰমণত ট্ৰাকৰ চালক উত্তৰ প্ৰদেশৰ ৰায়পুৰৰ ছাদ্দাম আলি (২৬) নিহত হোৱাৰ লগতে ট্ৰাকত থকা আন তিনিজন কৰ্মচাৰী ক্ৰমে মহম্মদ আলি (৫৩), নাজিম আলি (২৭) আৰু ছনু আলি (২২) গুৰুতৰভাৱে আহত হয়।
স্থানীয় বাসিন্দা আৰু আহতসকলে প্ৰকাশ কৰা মতে, দুষ্কৃতিকাৰীয়ে ট্ৰাকখন প্ৰথমে শিলগুটিৰে আক্ৰমণ কৰে আৰু পাছত ট্ৰাকৰ চালকক গাড়ীৰপৰা নমাই আক্ৰমণ কৰে। দুষ্কৃতিকাৰীৰ আক্ৰমণৰ ভয়ংকৰ ৰূপ দেখি সহ-চালকে গাড়ীখন লৈ পলায়নৰ চেষ্টা কৰিছিল যদিও দুষ্কৃতিকাৰীয়ে খেদি খেদি গৈ ট্ৰাকখনক আগচি ধৰে আৰু পেট্ৰ'ল ঢালি ট্ৰাকত অগ্নিসংযোগ কৰে।
মুহুৰ্ততে জুইৰ লেলিহান শিখাই ট্ৰাকখন আগুৰি ধৰে আৰু ট্ৰাকখন জুইত জাহ যায় যদিও ট্ৰাকত থকা আন তিনিজন কৰ্মচাৰীৰ জীৱন ৰক্ষা পৰে।
বন্ধৰ সময়ছোৱাতে সংঘটিত হোৱা উক্ত ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু বৰ্তমানলৈকে চেৰফাংগুৰী আঞ্চলিক আক্ৰাছুৰ সভাপতি প্ৰহ্লাদ অধিকাৰী (২৯)সহ আন নজন ক্ৰমে মাধব ৰায় (২৬,নাৰাবাৰী), পংকজ অধিকাৰী (১৯,কলাবাৰী), কৰ্ণ ৰায় (৩২, কলাবাৰী), শ্যামল ৰায় (৩৫,নাৰাবাৰী), সুনীল ৰায় (৩১,নাৰাবাৰী), বিমল ৰায় (৩১,নাৰাবাৰী) ,সুধীৰ অধিকাৰী (৫০, কলাবাৰী), ননী ৰায় (৫৫, কলাবাৰী) আৰু বিমল বৰ্মণ (২৯, নাৰাবাৰী)ক আটক কৰি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।
আনহাতে উক্ত ঘটনাত আহত হোৱা মহম্মদ আলি (৫৩), নাজিম আলি (২৭) আৰু সনু আলি (২২)ক উন্নত চিকিৎসাৰ বাবে আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইপিনে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাই ঘটনাৰে জড়িত থকাৰ সন্দেহত আক্ৰাছুৰ আঞ্চলিক সভাপতিকে ধৰি ১০ জনক কৰায়ত্ব কৰাৰ কথা সদৰি কৰি অাৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বুলি কয়।
আনহাতে আমছুৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনে ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে বুলি মন্তব্য কৰি ইয়াৰ পূৰ্বেও আক্ৰাছুৰ বন্ধত কোকৰাঝাৰৰ চৰাইখোলাত দুৰ্বৃত্তই পেট্ৰ'ল বোমাৰে আক্ৰমণ কৰাৰ কথা সদৰি কৰি চেৰফাংগুৰীৰ ঘটনাত নিহতৰ নিকটাত্মীয়ক দহ লাখ আৰু আহতসকললৈ পাঁচলাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈও দাবী উত্থাপন কৰিছে আমছু নেতা আনোৱাৰ হুছেইনে।