♦ নাথ-যোগীক জনজাতিকৰণত বঞ্চনাৰ প্ৰতিবাদত ১০ জানুৱাৰীত হ’ব অৰ্ধ-উলংগ প্ৰতিবাদ 

কোকৰাঝাৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাাতিলৰ দাবীত আহ্বান জনোৱা বন্ধৰ সময়ছোৱাতে মঙলবাৰে কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকি নশ্বৰদেহ সাঙিত উঠাই লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীৰপৰা নাথ-যোগী ছাত্ৰ সন্থাৰ নেতা কৰ্মী সমৰ্থকৰ দল এটাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতীকি নশ্বৰদেহ সাঙিত উঠাই নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , বি জে পি গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি ইত্যাদি শ্ল’গানেৰে গৌৰাং নৈৰ পিনে ধাৱমান হয়।

প্ৰায় এক কিল’মিটাৰ প্ৰতিবাদী শোভাযাত্ৰা কৰি গৌৰাং নৈৰ পাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱাৰ সময়তে আৰক্ষীৰ দল এটিও উপস্থিত হৈ প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰে আৰু প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতীকি মৃতদেহ নদীত উটুৱাই দিয়াত বাধা প্ৰদান কৰে।

কোকৰাঝাৰৰ বালাজান তিনালীত বাহিৰ হোৱা সমদলৰ নেৰ্তৃত্ব প্ৰদান কৰি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি জাতিধ্বংসী বিধেয়কখন লোকসভাত উত্থাপন হোৱাৰ বাবেই নাথ-যোগী ছাত্ৰ সন্থাই আজিৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি সদৰি কৰে।

প্ৰয়োজন হ’লে নাথ-যোগীৰ একলাখ লোকে আত্মজাহ দিবলৈও সাজু আছে বুলি উল্লেখ কৰি আজিৰপৰাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মৃত বুলি ঘোষণা কৰে।

তদুপৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক "মহাপাপী" বুলি আখ্যা দি প্ৰতীকি মৃতদেহ গৌৰাং নদীয়েদি ব্ৰহ্মপুত্ৰ হৈ বাংলাদেশলৈ প্ৰেৰণ কৰিব বুলিও মন্তব্য কৰে নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাাদক অৰবিন্দ নাথে।

আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপক আদৰণি জনাই অৰবিন্দ নাথে নাথ-যোগী জনগোষ্ঠীক জনজাতিকৰণৰপৰা বঞ্চিত কৰাত গভীৰ উদ্বেগ ব্যাক্ত কৰে। নাথ-যোগী জনগোষ্ঠীক জনজাতিকৰণৰ বঞ্চনাৰ প্ৰতিবাদত অহা ১০ জানুৱাৰীত বঙাইগাঁৱত অৰ্ধ-উলংগ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি মন্তব্য কৰি অৰবিন্দ নাথে শীঘ্ৰেই নাথ যোগীকো জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে।