
newsnextone.com | কোকৰাঝাৰঃ বিগত লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনৰ সময়ত বিজেপি দলে বিদেশত থকা কলাধন ঘুৰাই আনি ভাৰতৰ মানুহক প্ৰত্যককে ১৫ লাখ টকাকৈ প্ৰত্যকৰে বেংকৰ একাউণ্টত জমা কৰা, খাদ্য-সামগ্ৰী, পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, দুৰ্নীতি ৰোধ কৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰক্ষা নকৰি দেশৰ মানুহক চৰম প্ৰতাৰণা কৰিলে৷ বৰং প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক জুৰুলা কৰিছে৷ এই মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা বিশ্বজিৎ ৰায়ে৷
কোকৰাঝাৰ জিলা কংগ্ৰেছ দলে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্বাসঘাটকতা দিৱস পালন কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰিছে৷ বিশ্বজিৎ ৰায়ে কয় যে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি দলে পুনৰ আভুৱা ভৰা আৰু মিছা প্ৰতিশ্ৰুতিৰে দেশৰ মানুহক বুৰ্বক সজাই কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিচাৰিছে যদিও এইবাৰ দেশৰ ভোটদাতাই বিজেপি দলক মুখ ঠেকেচা খুৱাব৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভেল্কিবাজে দেশৰ মানুহক আৰু মোহাচ্ছন্ন কৰিব নোৱাৰে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বিজেপি চৰকাৰক মিছলীয়া আৰু প্ৰতাৰক আখ্যা দি কয় যে যোৱা লোকসভা আৰু অসম বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে চৰকাৰ গঠন কৰিলেই ৬ মাহৰ ভিতৰত অসমৰ ৬ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰিব বুলি কৈ চৰম প্ৰতাৰণা কৰিলে৷
অনুসূচিত জনজাতিৰ মৰ্যদা দিয়া দূৰৰৱ কথা আজিলৈকে অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু অনুসূচিত জনজাতি ৰাষ্ট্ৰীয় আযোগলৈ (NC for ST's) আনুষ্ঠানিক প্ৰস্তাৱেই প্ৰেৰণ নকৰিলে৷ এটা সময়ৰ জাতীয়তাবাদী তথা জাতীয় নায়ক আৰু বৰ্তমানে জাতীয় খলনায়কলৈ পৰ্যৱেসিত হ’ব ধৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া ৬ জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণত সম্পূৰ্ণভাবে মূৰ পোলকা মাৰিছে৷
গতিকে প্ৰতাৰণা, বঞ্চনাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ হলে বিকল্প চৰকাৰ গঠনৰ বিকল্প নাই বুলি মন্তব্য কৰিছে বিশ্বজিৎ ৰায়ে৷ কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হলে ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ ব্যৱস্থা কৰা, বিটিচি চুক্তি সংশোধন কৰি অজনজাতি সকলক ৰাজনৈতিক ভাবে সমঅধিকাৰ প্ৰাপ্তিৰ বাবে বিটিচিৰ জনজাতি, অ-জনজাতি সকলো শ্ৰেণীৰ বাবে জনসংখ্যা ভিক্তিত ৪০টাৰ পৰিষদীয় সমষ্টিৰ পৰা ৬০/৭০টালৈ বৰ্দ্ধিত কৰা, বিটিচিত সকলো শ্ৰেণীৰ লোকক ভূমিৰ অধিকাৰৰ ব্যৱস্থা কৰা আৰু বিটিচিত ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক বিশ্বজিৎ ৰায়ে সদৰি কৰিছে৷