
কোকৰাঝাৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উছাহৰ মাজতেই কোকৰাঝাৰত আজি এক ভয়ংকৰ অঘটন সংঘটিত হয়। মূলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুতস্পৃষ্ট হৈ দুই যুৱকৰ কৰুণভাৱে মৃত্যু হোৱাত জিলাখনত ব্যাপক চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱক দুজন হ'ল ক্ৰমে সৌমখৌৰ বসুমতাৰী (২৫) আৰু ৰাজু বসুমতাৰী (২০)।
উল্লেখযোগ্য যে স্বাধীনতাৰ ৭০ টা বছৰ পাছতো বিদ্যুতৰ পোহৰ নেদেখা শামুকাগুৰী গাঁৱত আজিৰেপৰা বিদ্যুতৰ পোহৰেৰে উদ্ভাসিত হৈ উঠাৰ কথা আছিল। নতুনকৈ খুঁটা পোতি বিদ্যুতৰ প্ৰাথমিক কামখিনি প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছত সন্ধিয়া ৬ মান বজাত বিদ্যুৎ সংযোগ কৰিবলৈ দুই শ্ৰমিক ক্ৰমে সৌমখৌৰ বসুমতাৰী (২৫) আৰু ৰাজু বসুমতাৰী (২০) বিদ্যুতৰ খুঁটাত উঠে । প্ৰাপ্ত তথ্য় অনুসৰি শ্ৰমিকদ্বয়ে বিদ্যুতৰ খুঁটাত উঠাৰ পূৰ্বে ঠিকাদাৰ সমৰ বসুমতাৰীৰপৰা বিদ্যুৎ সংযোগ কৰ্তন কৰা সন্দৰ্ভত নিশ্চিত হৈ লয় । বিদ্যুৎ সংযোগ কৰ্তনৰ নিশ্চিত তথ্য লাভ কৰি শ্ৰমিকদ্বয়ে খুঁটাত উঠি গাঁৱত নতুনকৈ বিদ্যুৎ সংযোগ দিবলৈ লওঁতেই বিদ্যুৎ সৰবৰাহ হয় আৰু থিতাতে মৃত্যু মুখত পৰে । ইয়াৰে এজন শ্ৰমিকৰ মৃতদেহ তললৈ সৰি পৰে যদিও বাতৰি লিখাপৰলৈকে আনজন শ্ৰমিকৰ মৃতদেহ তাঁৰতে ওলমি আছে ।
উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠে আৰু ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে৷ বিদ্যুৎ বিভাগৰ কোনো লোক এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ অধিক ক্ষুব্ধ হৈ পৰিছে আৰু ন্যায় নোপোৱালৈকে গাঁওবাসীয়ে মৃতদেহ চমজি নলয় বুলি স্পষ্ট কৰি দিছে । দীপাৱলীৰ দিনাই বিদ্যুৎ বিভাগৰ গাফিলতিৰ পৰিণতিত দুই যুৱকৰ মৃত্যু হোৱাত সম্প্ৰতি গাঁওখনত দীপাৱলীৰ আনন্দ-উছাহ সম্পূৰ্ণৰূপে ম্লান পৰিছে।