কোকৰাঝাৰঃ ভূটানৰ দেওথাং, চানদ্ৰুপঝংখাৰ আদিকে ধৰি উত্তৰ, দক্ষিণ, মধ্য আৰু পূৱ ভূটানত ধাৰাসাৰ বৰষুণৰ পৰিণতিৰ সমান্তৰালভাৱে ভূটানৰ নামনি অঞ্চলতো বিগত দুদিন ধৰি ধাৰাষাৰ বৰষুণ অব্যাহত থকাত নামনি অসমৰ নদীসমূহৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈছে।

ভূটানৰ দেওথাং আৰু চানদ্ৰুপঝংখাৰত এইবাৰ সৰ্বাধিক পৰিমাণৰ বৰষুণ(১৪৭ মি:মি:) হোৱাৰ বাবেই ভূটানৰ পৰা বৈ অহা নৈসমূহৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে আৰু যাৰ পৰিণতিতে নামনি অসম প্লাৱিত হৈছে। আগন্তক ৪৮ ঘণ্টালৈ ভূটানত প্ৰৱল বৰষুণ অব্যাহত থাকিব বুলি ভূটানৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। 

ইপিনে ভূটানৰ পৰা নামি অহা তথা কোকৰাঝাৰ জিলাৰ মাজেৰ বৈ যোৱা গৌৰাং , চম্পাৱতী , সোণকোষ , মদাতি, গৰুফেলা আৰু সৰলভাঙা নৈৰ জলপৃষ্ঠই বিপদ সীমা চুইছে। চম্পাৱতী নদীৰ জলপৃষ্ঠ ইতিমধ্যেই বিপদ সীমা অতিক্ৰম কৰিছে আৰু উল্লেখিত বাকী নদীৰ জলপৃষ্ঠও দ্ৰুতগতিত বৃদ্ধি পাইছে।

নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু ধাৰাষাৰ বৰষুণৰ ফলত কোকৰাঝাৰ সদৰ চহৰকে ধৰি জিলাখনৰ বহু অঞ্চল সম্প্ৰতি জলমগ্ন হৈ পৰিছে। সদৰ চহৰৰ সুদেমপুৰী, ভাতাৰমাৰী, ৰূপাতিনগৰ, কদমতলা, টেঙাপাৰা, আৰ এন বি ৰোড, সুভাষপল্লী, শান্তিনগৰ,গৌৰনগৰৰ বিস্তীৰ্ণ এলেকা সম্প্ৰতি পানীৰ তলত আছে আৰু স্থানীয় বাসিন্দাসকল নিৰাপদ আশ্ৰয়স্থান বিচাৰি হাবাথুৰি খাইছে।

জলমগ্ন এলেকাবোৰত নিৰাপদ আশ্ৰয় স্থানৰ অভাৱৰ বাবেই বহুতেই চহৰখনৰ হোটেলবোৰত আশ্ৰয় গ্ৰহন কৰিছে৷ আসাম অইল পেট্ৰোল পাম্পৰ পৰা শান্তি নগৰলৈ যোৱা পথছোৱা সম্পূৰ্ণ জলমগ্ন হোৱাৰ বাবে অঞ্চলটোৰ দোকান পোহাৰ আজি বন্ধ ৰখা হয় ৷ বানপানীৰ ফলত পেৰেড গ্ৰাউণ্ডকে ধৰি বহু বিদ্যালয়ো জলমগ্ন হৈ পৰে। 

আনহাতে জিলাখনৰ খুটামাৰী, মোকৰাপাৰা, জয়পুৰ, কঠালগুৰী, বৰুৱাপাৰা, মাহাজনপাৰা, মেধিপাৰা, কোকৰাঝাৰ বাগিছা, ভদেয়াগুৰী, অক্সিগুৰী, পাটগাঁও, ঘোঁৰামাৰা আদি অঞ্চলৰ কমেও ৬৫০ টা পৰিয়াল আৱাসগৃহ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। পাটগাঁও, ছিম্বৰগাঁও, দোতমা, ফকিৰাগ্ৰামৰ বিস্তীৰ্ণ অঞ্চলো বাঢ়নী পানীৰ ফলত বুৰ গৈছে আৰু নদীৰ জলপৃষ্ঠ বাঢ়িয়েই থকাত বানপানীক লৈ জিলাখনৰ চৌদিশে সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ।