30
Oct
2018

কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছালাকাটিৰ বান্দৰচৰাত আৰক্ষী আৰু শিখলাই ৰেজিমেন্টে যৌথ অভিযান চলাই ম্যানমাৰত প্ৰশিক্ষিত এজন দুৰ্ধৰ্ষ কে এল অ’ সদস্য আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন কে এল অ’ সদস্যজনক সংগঠনটোৰ ২০ নং বেটচৰ মানফুল বৰ্মন বুলি চিনাক্ত কৰা হৈছে। দুৰ্ধৰ্ষ কেডাৰজনৰপৰা আৰক্ষীয়ে পিষ্টল, বিস্ফোৰক সামগ্ৰীৰ লগতে আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন কেডাৰজন ২০১৫ চনৰপৰাই কে এল অ’ৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে। অধিক তথ্যৰ সন্ধানত আটকাধীন কেডাৰজনক আৰক্ষীৰ জেৰা কৰি আছে।