কোকৰাঝাৰঃ ৰাজ্যত অব্যাহত থকা ধাৰাবাহিক ধৰ্ষণ কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তে কোকৰাঝাৰ আৱৰ্ত ভৱনৰ সমীপৰ শান্তিনগৰত বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত এগৰাকী ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাত জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰ নিবাসী তথা কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী অমিঅ’ দেৱনাথ (৫৪) নামৰ লোকগৰাকীৰ বিৰুদ্ধে এই কাণ্ড সংঘটিত কৰাৰ নাবালিকাৰ মাতৃ আৰু মোমায়েকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে। 

উল্লেখ্য যে, নিৰ্যাতিতা নাবালিকাগৰাকীৰ মাতৃয়ে সদৰি কৰা মতে তেওঁলোক বিবাহসূত্ৰে পশ্চিমবংগত বসবাস কৰে যদিও কেইদিনমান পূৰ্বে তেওঁ পিতৃগৃহ তথা কন্যাৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। মোমায়েকৰ ঘৰৰ নিকটতে থকা অমিঅ’ দেৱ নাথ নামৰ লোকগৰাকীয়ে তেওঁৰ কন্যাক যৌন নিৰ্যাতন কৰা বুলি নিৰ্যাতিতাৰ মাতৃয়ে অভিযোগ কৰে। ঘটনাটোৱে অতি কম সময়ৰ ভিতৰতে প্ৰচাৰ হোৱাত উক্ত অঞ্চলত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক কৰি সোধপোছৰ বাবে থানালৈ লৈ অহাৰ বিপৰীতে নাবালিকাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে আৰএনবি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে নাৱালিকাক যৌন নিৰ্যাতন কৰা ঘটনাত অভিযুক্তক আটক কৰি সোধপোছ কৰা হৈছে বুলি সদৰি কৰি চিকিৎসকে দিয়া প্ৰতিবেদনৰ ভিত্তিত আইন অনুসাৰে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে। ইপিনে সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি গোপাল ঘোষে নাবালিকা নিৰ্যাতনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰিছে। নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনাত দোষী অপৰাধীক কোনোপধ্যে ৰেহাই দিয়াটো উচিত নহয় বুলি মন্তব্য কৰি গোপাল ঘোষে আইনৰ সুৰঙাৰ যাতে দোষীয়ে পুনৰাই মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰিছে।