♦ মন্ত্ৰী চন্দন ব্ৰহ্মই বিতৰণ কৰিলে তিনি শতাধিক ভূমি পট্টা
♦ পঞ্চায়ত নিৰ্বাচনত বি পি এফৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: চন্দন

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ শ্যামছ্ৰিংখিলা গাঁৱত দেওবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মই তিনি শতাধিক পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰে। জিলাখনৰ তাৰং ছেৰফাং ভি চি ডি চিৰ অন্তৰ্গত শ্যামছ্ৰিংখিলা গাঁৱত আনুষ্ঠানিকভাৱে মন্ত্ৰী ব্ৰহ্মই ফৰেষ্ট ডুৱেলাৰ এক্ট ২০০৬ ৰ অধীনত ভূমি পট্টা বিতৰণ কৰাত নাগৰিকসকলৰ মাজত আনন্দৰ বন্যা বয়।
উল্লেখ্য যে, বি টি চিৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মুঠ দহখন গাঁৱৰ তিনি শতাধিক হিতাধীকাৰীৰ মাজত মাটিৰ পট্টা বিতৰণ উপলক্ষে শ্যামছ্ৰিংখিলা গাঁৱত আজি এক সভা অনুষ্ঠিত হয়। উক্ত সভাত ৰাজ্যৰ পৰ্যটন তথা ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকি ১৯৭৮ চনৰপৰাই বসবাস কৰি অহা দহখন গাঁৱৰ তিনি শতাধিক পৰিয়ালক ফৰেষ্ট ডুৱেলাৰ এক্ট ২০০৬ ৰ অধীনত ভূমি পট্টা বিতৰণ কৰে।
পট্টা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী চন্দন ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ফৰেষ্ট ডুৱেলাৰ এক্ট ২০০৬ ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তথা বনাঞ্চল সমুহত দশক দশক ধৰি জীৱন নিৰ্বাহ কৰি অহা নাগৰিক সকলক মাটিৰ পট্টা দিয়া হব আৰু ইতিমধ্যে বিভিন্ন অঞ্চলত বিতৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক ৰাজ্য চৰকাৰে ৰূপায়ন কৰাত হিতাধিকাৰীসকল উপকৃত হৈছে বুলিও মন্তব্য কৰিছে মন্ত্ৰী ব্ৰহ্মই।
ইপিনে পঞ্চায়ত নিৰ্বাচনত বি পি এফে ভাল ফলাফল দেখুয়াব বুলি মন্ত্ৰী ব্ৰহ্মই আশা প্ৰকাশ কৰিছে। ভোটাৰ ৰাইজৰ দাবী অনুসৰি হে বি পি এফৰ প্ৰভাৱধীন এলেকাত বি পি এফে প্ৰাৰ্থিত্ব আগবঢ়াইছে বুলি মন্তব্যৰে মন্ত্ৰী ব্ৰহ্মই বি পি এফৰ বিজয় এশ শতাংশই নিশ্চিত বুলি মন্তব্য আগবঢ়াইছে।
বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা কোকৰাঝাৰ জিলা বি পি এফৰ সভাপতি দেৰহাছাৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ভূমি পট্টা বিতৰণী অনুষ্ঠানত জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মন আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থকাৰ লগতে বি পি এফৰ নেতা-কৰ্মী আৰু কেইবা শতাধিক স্থানীয় জনসাধাৰণ উপস্থিত থাকে।