কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু সাহিত্য অকাডেমীৰ সহযোগত তথা বড়ো লেখক সন্থা আৰু বিটিচি কৰ্তৃপক্ষৰ উদ্যোগত অহা ১০-২০ মাৰ্চলৈ ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ আৰু বড়োলেণ্ড গ্ৰন্থ মেলা অনুষ্ঠিত হ’ব।

বড়ো লেখক সন্থাৰ সাধাৰণ সম্পাদক ৰনেন কুমাৰ মোছাহাৰীয়ে দেওবাৰে কোকৰাঝাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ আৰু বড়োলেণ্ড গ্ৰন্থ মেলাৰ সামন্তৰালভাৱে বিশেষ সাহিত্য উৎসৱ, সদৌ ভাৰত বহু ভাষিক কবিতা অাবৃতি, যুৱ বড়ো লিখক উৎসৱ, বড়ো ভাষা শিক্ষা-শিকন প্ৰশিক্ষণ শিবিৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হ’ব বুলি সদৰি কৰে বড়ো লেখক সন্থাৰ সাধাৰণ সম্পাদক ৰনেন কুমাৰ মোছাহাৰীয়ে।

উল্লেখ্য যে, অহা ১০ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ কোকৰাঝাৰত অনুষ্ঠিত হ’ব লগা গ্ৰন্থ ও বাণিজ্য মেলাৰ সাহিত্য আলোচনা চক্ৰত ইণ্ডোনেছিয়া, জাপান, বাংলাদেশ আৰু ভূটানৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰাৰ লগতে পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমৰ বহু সাহিত্যিকে অংশগ্ৰহণ কৰিব বুলি বড়ো লেখক সন্থাৰ সম্পাদক ড০ ৰনেন চন্দ্ৰ মুছাহাৰীয়ে সংবাদ মেলত প্ৰকাশ কৰে৷ কাৰ্যসূচী অনুসৰি গ্ৰন্থমেলাত নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰি উলিওৱা ২০খন বড়ো পুথি উন্মোচন, সাহিত্যিকক সম্বৰ্ধনা, সৃষ্টিমুলক লিখনি আৰু প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হোৱাৰ লগতে বড়ো জাতি গঠনত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

প্ৰণিধানযোগ্য যে, গ্ৰন্থ-আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত মুখ্য অতিথি হিচাপে বাংলাদেশৰ এছ অনন্ত বিকাশ, ইণ্ডোনেছীয়াৰ বিশিষ্ট সাহিত্যিক ছনীয়া ফিছিয়ান্ত্ৰী, দিল্লীৰ এন বি টিৰ সঞ্চালক ড০ ৰীতা চৌধুৰী, অধ্যক্ষ ড০ বালদেউ ভাই শৰ্মা আদিৰ উপৰিও মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বন আৰু পৰিবেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী অংশগ্ৰহণ কৰিব।

ইপিনে বড়ো লেখক সন্থাৰ ৩৪ তম প্ৰতিষ্ঠা দিৱসৰ আদৰণি সমিতিৰ কাৰ্যালয়ত বড়ো লেখক সন্থাৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাত বড়ো লেখক সন্থাই এই বছৰৰ পৰা নিমাথি মোছাহাৰী শিশু লিখক বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু চলিত বৰ্ষৰ বাবে কোকৰাঝাৰ চহৰৰ হাদংগৌৰা মোছাহাৰীক উক্ত বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷

তেওঁ বড়ো ভাষাত ৰচনা কৰা পুথি "উন্দৈ লিৰগিৰিনি ৰায়থায়"ৰ বাবে বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰি অহা ১০-২০ মাৰ্চলৈ কোকৰাঝাৰ জিলাৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ, বড়োলেণ্ড গ্ৰন্থ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ সাহিত্য উৎসৱৰ সভাত বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰে৷