কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ নিচেই কাষতে থকা শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথ (৫৭)ৰ হত্যাকাৰীক অৱশেষত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হত্যাকাৰীটোক মাজিনুৰ ইছলাম (৩৩)বুলি জানিব পৰা গৈছে। 

আজি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৰ নেতৃত্বত আৰু বিলাসীপাৰা আৰক্ষীৰ সহযোগত যৌথ  অভিযান চলাই বিলাসীপাৰা সূৰ্য্যখাতাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হত্যাৰ মূল অভিযুক্ত মাজিনুৰ ইছলামক।

আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা এখন ইণ্ডিকা গাড়ী আৰু এখন ৰঙা ৰঙৰ পালছাৰ মটৰ চাইকেলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে পূজাৰী হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে কোকৰাঝাৰ টেঙাপাৰাৰ (ওৱাৰ্ড নং-১০) বাসিন্দা কিটেন হালদাৰৰ পুত্ৰ গোলাই হালদাৰ, কোকৰাঝাৰৰ বিশ্বজিৎ বৰ্মন আৰু পাপাই বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ অন্তত পূজাৰী নিখিল দেৱনাথৰ মূল হত্যাকাৰীৰ সন্ধান লাভ কৰে।

সেইমতে আজি অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৰ নেতৃত্বত বিলাসীপাৰা আৰক্ষীৰ সহযোগত সূৰ্যখাতাত অভিযান চলাই হত্যাকাণ্ডৰ মূল অভিযুক্ত মাজিনুৰ ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  

উল্লেখ্য যে যোৱা ১০ ছেপ্তেম্বৰৰ নিশা প্ৰায় ২ বজাত শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথক হত্যা কৰি মন্দিৰত থকা প্ৰায় আঢ়ৈ লাখ টকা আৰু সোণৰ চেইন দুষ্কৃতিকাৰীয়ে লুটি নিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

কোকৰাঝাৰ চহৰৰ ২ নং ৱাৰ্ডৰ পাথৰঘাট নিৱাসী নিখিল দেৱনাথে উক্ত শনি মন্দিৰটো প্ৰায় ২৯ বছৰ ধৰি চোৱা-চিতা কৰা আৰু মুখ্য পূজাৰীক সহায়-সহযোগ কৰাৰ বাবে নিয়োজিত হৈ অহাৰ পিছতে ১০ ছেপ্তেম্বৰৰ নিশা ঘাতকৰ হাতত কৰুণ মৃত্যুক সাৱতি লৈছিল। আৰক্ষীয়ে পূজাৰী হত্যাৰ মূল অভিযুক্ত বুলি চিহ্নিত মাজিনুৰ ইছলামক আটক কৰিবলৈ সক্ষম হোৱাতো আৰক্ষীৰ সফলতা বুলি বিবেচিত হৈছে।