কোকৰাঝৰঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও সমানে সমানে জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি গৈছে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে৷

৬ জনগোষ্ঠীয়ে কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰি ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰাত কিছুদিন পূৰ্বে অসম বন্ধ পালন কৰে৷

কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীয়ে পুনৰ ক্ষোভিত হৈ পৰাৰ সময়তে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে বিৰুদ্ধাচৰণ কৰি বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কোচ-ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিৱাসীক জনজাতিকৰণৰ বিৰোধীতাৰে বুধবাৰে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতি, অসমে কোকৰাঝাৰত দুইঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত শিশু উদ্যানৰ সন্মুখত বুধবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ ট্ৰাইবেল সংঘৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা দুই ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ছয় জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, টাই-আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিবাসী জনগোষ্ঠীক অনুসূচীত জনজাতি মৰ্যদা প্ৰদানৰ সদায় বিৰোধীতা কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰিছে ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰগয়াৰীয়ে।

প্ৰস্তাৱিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণে বৰ্তমানৰ অনুসূচীত জনজাতিসমুহৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্বক ধ্বংস কৰিব বুলি ট্ৰাইবেল সংঘই মন্তব্য কৰি অনুসূচীত জনজাতিৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা আওকণীয়া মনোভাৱক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্ঠা ৰঞ্জিত কুমাৰ বৰগয়াৰীয়ে।

প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিভিন্ন বিভাগত খালী হৈ থকা অনুসূচীত জনজাতিৰ ১২১৫৫ টা বেকলগ পদ পুৰণ কৰা , ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰা, ফৰেষ্ট ডুৱেলাৰ আইন-২০০৬ কাৰ্যকাৰীকৰণৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে এস্মাৰক প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।