
কাকপথাৰঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মাদক দ্ৰব্যৰ অত্যধিক প্ৰচলনে ধ্বংসৰ দিশে গতি কৰিছে একাংশ যুৱক৷ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে বৰবিহে এতিয়া ছানি ধৰিছে অসম৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলটো দীৰ্ঘদিনৰে পৰা মাদক দ্ৰব্যৰ ব্যাপক প্ৰচলন চলি থকাৰ পিছতো আবকাৰী বিভাগে ৰহস্যজনক ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ো ৰহস্যজনক ভূমিকা পালন কৰাৰ ফলত অঞ্চলটোত একাংশ যুৱক সুৰাৰ ৰাগিত মাতাল হৈ নিজৰ জীৱন তিল তিলকৈ ধ্বংস কৰিছে৷ ইজনৰ পিছত সিজনৰ চফল ডেকাই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ এনে এক পৰিস্থিতিত অভিভাৱক সকল চিন্তিত হৈ পৰিছে৷
ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি মাদক দ্ৰব্যৰ বিক্ৰেতা, ক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ তাৰ মাজতে দেওবাৰে কানি, ড্ৰাগছৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবীত শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কাকপথাৰত৷
কাকপথাৰ থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত তথা লাজুম মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত লাজুমৰ পৰা সমদল কৰি আহি কাকপথাৰ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত উপস্থিত হয় মহিলাসকল৷
ডুমডুমা-কাকপথাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগাঠিকা লাকিমা মেছ উপস্থিত থকা সমদলটোৱে প্ৰায় ৫ কিঃ মিঃ অতিক্ৰম কৰি কাকপথাৰ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ মহিলাকলে মদ বেপাৰী হুছিয়াৰ, ৰাগিয়াল দ্ৰব্য বন্ধ কৰক, মহিলা আজি জাগিছে আদি শ্ল’গান দি আকাশ বতাহ কঁপাই তোলে৷
ৰাজহুৱা সভাত টকাৰ বিনিময়ত আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ো নিচাযুক্ত দ্ৰব্য সমূহৰ প্ৰচলন বন্ধ নকৰে বুলি ক্ষোভ ব্যক্ত কৰে৷ সমদলটোত কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি ৰাগিয়াল দ্ৰব্যৰ ক্ষেত্ৰত আপোচ কৰা নহব বুলি কয়৷
সভাত কাকপথাৰ অঞ্চলত অবৈধ ভাবে গঢ়ি উঠা নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় বন্ধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়৷ অন্যথাই মহিলাসকলে ভয়াবহ কাৰ্যসূচী লবলৈ বাধ্য হম বুলি প্ৰশাসনক সকীয়াই দিয়ে৷