বঙাইগাঁওঃ টিভি আৰু কাকতত নিদিয়া খবৰ দিয়ে তেওঁলোকে৷ তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভতকৈয়ো ওপৰত৷ কাৰণ তেওলোকে বিশ্বৰ আগশাৰীৰ কাকত, নিউজ চেনেলত নিদিয়া খবৰবোৰ প্ৰকাশ কৰে৷ তেওলোকে ফেচবুকত তেনে খবৰবোৰ দিবলৈ একো একোটা গ্ৰুপ খুলি লৈছে৷ ফেচবুকত অহৰ্নিশে সাজু হৈ থাকে তেওঁলোকে৷

প্ৰকৃততে টিভি কাকতত নিদিয়া খবৰ দিয়ে নে তেওঁলোকে? হয়, তেওঁলোকে তেনেকুৱা খবৰ নিদিয়ে৷ তেওঁলোকে অশ্লীল অবাইছ ভাষাৰে ইজনে-সিজনক আক্ৰমণ কৰি আপডেট দিয়ে৷ ইছলাম আৰু হিন্দু ধৰ্মৰ লোকৰ বিৰুদ্ধে আপত্তিজনক কথা লিখে৷ যাৰ কথা বৰ্ণনা কৰিব নোৱাৰি৷

তেনে এটা ফেচবুক গ্ৰুুপ হৈছে "টিভি পেপাৰত নিদিয়া খবৰ"৷ ফেচবুকত থকা এই গ্ৰুপটোত এইবাৰ এটি জনগোষ্ঠীৰ গাভৰুক লৈ অশালীন মন্তব্য কৰা হৈছে। সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৰ নাম সাঙুৰি অশালীন মন্তব্য কৰাৰ লগতে কোচ ৰাজবংশী যুৱতীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰি সাম্প্ৰদায়িক বীজ সিচিঁবলৈ প্ৰচেষ্টা চলোৱা হৈছে মমিৰুল আলী নামৰ এটি ফেচবুক একাউন্ট যোগে৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে বঙাইগাঁও সদৰ থানাত অলপতে উক্ত একাউন্টৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰি নেতাগৰাকীয়ে শক্তিশালী সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি তথা বিভিন্ন জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধ বিনষ্ট কৰাৰ বাবে এচাম লোক কিছু দিনৰ পৰা বিভিন্ন বিষয়ত সাম্প্ৰদায়িক মন্তব্য কৰি অহা পৰিলক্ষিত হৈছে বুলি অভিযোগ কৰে।

সংখ্যালঘু নেতাগৰাকীয়ে উদাহৰণ স্বৰূপে মমিৰুল আলী(পাপু) নামৰ একাউন্টটোৰ কথা উল্লেখ কৰে। ফেচবুকৰ এক বিতৰ্কিত গ্ৰুপ 'টিভি পেপাৰত নিদিয়া খবৰ'ৰ জৰিয়তে ধাৰাবাহিকভাৱে উক্ত একাউন্টৰ পৰা কেইবাটাও সাম্প্ৰদায়িক মন্তব্য দিয়া পৰিলক্ষিত হৈছে বুলি কয়।

কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ আৱেগ-অনুভূতিত আঘাত হানি জনগোষ্ঠীটোৰ গাভৰুক লৈ ঘৃণনীয় তথা নিন্দা জনক মন্তব্য লিখি একাউন্টটোৰ গৰাকীজনে বিতৰ্কিত গ্ৰুপ 'টিভি পেপাৰত নিদিয়া খবৰ'ত পোষ্ট কৰিছিল। ব্যক্তিজন আমছুৰ কোনো সদস্যও নহয় বুলি সংগঠনটোৰ সাধাৰণ সম্পাদকজনে স্পষ্ট কৰি দি আমছুৰ সদস্য নোহোৱা স্বত্বেও আমছুৰ নাম ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে বুলি কয়।

এই সমূহ মন্তব্যৰ বাবে আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে তদন্ত কৰি শাস্তিৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস প্ৰদান কৰিছে৷ ফেচবুকত বিতৰ্কিত পোষ্ট দিয়া মমিৰুল আলী(পাপু) নামৰ ব্যাক্তিজনৰ প্ৰফাইলত গুৱাহাটীত বসবাস কৰাৰ তথ্য উল্লেখ থকাৰ লগতে তেওঁ নতুন দিল্লীৰ আৰ কে পুৰাম দিল্লী পাব্লিক স্কুলত পঢ়াৰ লগতে গুৱাহাটী কটন কলেজত পঢ়াৰ তথ্য সন্নিবিষ্ট কৰে।

এই ক্ষেত্ৰত একাউন্টটো ভুৱা হ‘ব পাৰে বুলি সন্দেহ কৰিছে বিভিন্নজনে। আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে মমিৰুল আলীৰ বিৰুদ্ধে আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায়৷