07
Aug
2017

শুক্লাইঃ ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ লোকসকলে কৃষিভিত্তিক উৎসৱ কৰম পূজা ৷ সাৰ্বজনীন পৰম্পৰাগত এই পূজা কৃষিভিত্তিক। সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ওদালগুৰি জিলাৰ ডিমাকুছি আঞ্চলিক সমিতিয়ে অহা ২ আৰু ৩ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব এই উৎসৱ৷
আদিৱাসী জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম উৎসৱৰ আদৰণি সমিতিৰ কাৰ্যালয় দেওবাৰে ডিমাকুছিত উদ্বোধন কৰা হয়। মাংগলিক অনুষ্ঠানৰ মাজেৰে কাৰ্যালয়টি উদ্বোধন কৰে আদৰণি সমিতিৰ সভাপতি অজয় সিং গোঁড়ে।
আদিৱাসী জনগোষ্ঠীৰ বৃহত জাতীয় অনুষ্ঠান হিচাপে পৰিচত কৰম উৎসৱ উদযাপনৰ বাবে ইতিমধ্যে অজয় সিং গোঁড়ক সভাপতি প্ৰকাশ তেলিক কাৰ্য্যকৰী সভাপতি আৰু দিলবাৰ কুজুৰক সম্পাদক হিচাপে লৈ ৪১ জনীয়া উদযাপন সমিতি আৰু ১০ খন উপ-সমিতি গঠন কৰা হৈছে৷