
newsnextone.com | কামপুৰঃ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজিও তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ দল-সংগঠনে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল-সংগঠনে৷
মঙলবাৰে কামপুৰৰ কঠীয়াতলীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ কঠীয়াতলী ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত কংগ্ৰেছ নেতা-কৰ্মীয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুর্দাবাদ, বিজেপি চৰকাৰৰ দাদাগিৰী নচলিব আদি শ্ল’গানেৰে এক সমদল উলিয়াই আকাশ বতাহ কঁপাই তোলে৷
৮ হাজাৰৰো অধিক গণস্বাক্ষৰ সংগ্ৰহ কৰি কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে কংগ্ৰেছে৷ ইফালে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে জুবিন গাৰ্গক লামডিংত সংগীতানুষ্ঠান বাতিল কৰিবলৈ ভাবুকি দিয়া কাৰ্যক গৰিহণা দিয়ে৷