
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালীত কৃষক হত্যাৰ প্ৰতিবাদত কৃষক সভাৰ দুঘন্টীয়া অৱস্থান৷ মধ্য প্ৰদেশৰ মান্দাছোৰত যোৱা তিনি জুনত বিজেপি নেতৃত্বাধীন শিৱৰাজ সিং চৌহান চৰকাৰৰ আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত ন’ জনকৈ কৃষকৰ মৃত্যুৰ হৈছিল।
কৃষক হত্যাৰ প্ৰতিবাদত কৃষক মহাসভাই বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কৃষক হত্যাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে।
প্ৰতিবাদী কাৰ্যসূচীত চিপিআই (এম এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, সদস্য লীলা শৰ্মা, কৃষক মহাসভাৰ আহ্বায়ক লক্ষীকান্ত কুৰ্মী, অনন্ত হাজৰিকা, অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ সম্পাদক প্ৰাঞ্জল কুটুম, বিপ্লৱী যুৱ সস্থাৰ পৰিমল গোড়, জুমনী বৰাকে ধৰি প্ৰায় দুই শতাধিক সদস্য উপস্থিত থাকে।