26
Aug
2017

কোকৰাঝাৰঃ আক্ৰাছুৰ প্ৰদীপ গোটৰ সম্পাদক গোকুল বৰ্মনে যোৱা নিশা আক্ৰাছুৰ হিতেশ গোটৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত নিৰ্মল কুমাৰ ৰায়ৰ পুত্ৰক বেয়াকৈ মাৰধৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷
আজি এক প্ৰেছ বিবৃতিযোগে আক্ৰাছুৰ হিতেশ গোটৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰন সম্পাদক কংকন ৰায় আৰু প্ৰচাৰ সম্পাদক মৃদুল ৰায়ে অভিযোগ কৰা মতে যোৱা নিশা অত্যাধিক মদ্যপান কৰে আক্ৰাছুৰ প্ৰদীপ গোটৰ সম্পাদক গোকুল বৰ্মনে।
আক্ৰাছুৰ প্ৰয়াত প্ৰতিষ্ঠাপক সভাপতিৰ পুত্ৰক প্ৰহাৰ কৰা ঘটনাক গৰিহনা দি এয়া কাপুৰুষালিৰ বাহিৰে একো নহয় বুলি কয়৷ নেতাদ্বয়ে প্ৰেছ বিবৃতিযোগে এনে ভাতৃঘাতী সংঘৰ্ষৰ পৰা বিৰত থাকিবলৈ আক্ৰাছুৰ প্ৰদীপ গোটৰ সম্পাদক গোকুল বৰ্মনক সকিয়াই দিছে৷