15
Jun
2017

আজাৰাঃ ১৯৪২ৰ স্বাধীনতা সংগ্রামী তথা দেশৰ অন্তিম গৰাকী বৃটিছৰ ফাঁচী কাঠত মৃত্যুদণ্ড দিয়া শ্বহীদ কুশল কোঁৱৰৰ আজি মৃত্যু তিথি পালন কৰে কামৰূপ জিলা কংগ্ৰেছে৷
১৯৪৩ চনৰ আজিৰ দিনটোতেই যোৰহাটৰ কেন্দ্রীয় কাৰাগাৰত ফাচী দিয়া হৈছিল বীৰ শ্বহীদ কোঁৱৰক৷ কামৰূপ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ৰামপুৰ-ছয়ানী ব্লক সমিতিৰ সহযোগত উপৰহালীস্থিত ৰাজীৱ ভৱনত শ্বহীদ কুশল কোৱৰৰ ৭৪তম মৃত্যু দিৱস পালন কৰা হয়।
কামৰূপ জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ঘনশ্যাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাৰ উদ্দেশ্যে বাখ্যা কৰে সাধাৰণ সম্পাদক তৰুণ ঠাকুৰীয়াই। সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজ্যোতি তালুকদাৰ, শৈলেন বৰা, বৃথিকা বৰুৱা আদি কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকি শ্বহীদ কুশল কোঁৱৰক স্মৰণ কৰে।