অভয়াপুৰীঃ "মথাউৰি নিৰ্মাণ কৰক, অন্যথাই আমি অনশন কৰি যাম৷ ৰাইজে দাবী জনালে সোণোৱাল চৰকাৰে কেৰেপ নকৰে৷ যাৰ বাবে আমি আমৰণ অনশনত বহিবলৈ বাধ্য হৈছে৷"- বঙাইগাঁও জিলাৰ কুশবাৰীত মথাউৰি নিৰ্মাণৰ দাবীত আমৰন অনশনত বহা লোকসকলে আজি এইদৰে ক্ষোভ ব্যক্ত কৰে।

খহনীয়াৰ কৰাল গ্ৰাসত পৰা উত্তৰ শালমাৰা মহকুমাৰ লেংটিছিঙা-মধুফল মথাউৰিৰ লগতে কুশবাৰী, মধুফল, লতিবাৰী, বৰজানা, ছিকাটাৰী আদি অঞ্চলত মানাহ নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত আতংকত দিন পাৰ কৰা লোকসকলে ৰাজ্য চৰকাৰক বাৰিষাৰ পূৰ্বে মথাউৰি মেৰামতি তথা খহনীয়া ৰোধৰ দাবী জনাই আহিছিল যদিও গুৰুত্ব আৰোপ নকৰাত অৱশেষত আমৰণ অনশনত বহিবলৈ বাধ্য হৈ পৰে। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১মাৰ্চৰ ভিতৰত ৰাজ্যৰ অসম্পূৰ্ণ হৈ থকা মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ কাম কৰাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিছিল৷ কিন্তু বঙাইগাঁও জিলাত সম্পূৰ্ণৰূপে অসাৰ প্ৰতিপন্ন হৈছে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।

বাৰিষা পৰাৰ লগে লগে বঙাইগাঁও জিলাৰ নৈ সমূহৰ জলস্তৰ বৃদ্ধি হোৱাত খহনীয়াও বৃদ্ধি পাইছে৷ যাৰ ফলত নৈ পৰীয়া ৰাইজে শংকাত দিন কটাবলগীয়া হৈছে। জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ লেংটিছিঙা-মধুফল সংযোগী মথাউৰিটোৰ কুশবাৰী ৩য় খণ্ডত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বাৰিষা কালত কালৰূপ ধাৰণ কৰা মানাহ নৈৰ ভয়ংকৰ খহনীয়াই কুশবাৰী, মধুফল, লতিবাৰী, বৰজানা, ছিকাটাৰী আদিকে ধৰি এক বিস্তীৰ্ণ অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে।

মথাউৰিটোৰ ১মিটাৰ অংশ যদি ছিঙি যায় তেন্তে এই বৃহৎ অঞ্চলটোৰ ঘৰ-দুৱাৰ, পশুধন, কৃষিভূমি নৈৰ বুকুত বিলীন হৈ যোৱাটো নিশ্চিত বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাজ্যখনৰ জলসম্পদ নামৰ এক বিয়াগোম বিভাগ থকাৰ পিছতো কোনো কাণসাৰ নাই মথাউৰিটো ৰক্ষাৰ বাবে৷ কোনো ব্যৱস্থা লোৱা নাই মথাউৰিটোৰ মেৰামতি অথবা প্ৰতিৰোধৰ বাবে।

খহনীয়াৰ শংকাত ভূগি থকা নৈ পৰীয়া ৰাইজে বিভাগীয় কৰ্তৃপক্ষ, বিধায়ক, সাংসদক বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো গা লৰা নাই সংশ্লিষ্ট বিভাগৰ। উপায়ন্তৰ হৈ মথাউৰিতো পুনৰ নিৰ্মাণৰ দাবীত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আজি আমৰন অনশনত বহে। প্ৰায় শতাধিক গঞা লোকে আৰম্ভ কৰা আমৰন অনশন কাৰ্যসূচীয়ে বৃহৎ বৃহৎ অংকৰ কমিছনৰ ভাগ বতৰাত ব্যস্ত থকা জলসম্পদ বিভাগৰ বৰমূৰীয়াৰ কুম্ভকৰ্ণ নিদ্ৰা ভাগিব পাৰিবনে নাই সেয়া সময়তহে জানিব পৰা যাব।