
ৰঙিয়া/তেজপুৰঃ শ্ৰমিক দিৱস উপলক্ষে ৰঙিয়াৰ সেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণে ৰঙিয়া ৰে'লৱে ইক'পাৰ্কত চাফাই অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। অনুষ্ঠানত ৰঙিয়া ৰে'ল সংমণ্ডলৰ বিষয়া আৰ চি বাৰ্মা, ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য, বিশিষ্ট সমাজকৰ্মী হিতেন শৰ্মাকে ধৰি, জ্যেষ্ঠ সাংবাদিক মুস্তাফা কামাল আহমেদ, নাছিউৰ ৰহমান, কবি আৰন্যম কাশ্যপ, শিল্পী ভূপেন চন্দ্ৰ দাস, বিশিষ্ট ব্যৱসায়ী মুকুতানন্দ ভট্টাচাৰ্য, চিৰাজুৰ ৰহমান উপস্থিত থাকে।
ৰে'লৱে বিষয়াগৰাকীয়ে বৃক্ষ ৰোপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিয়া ভাষণত স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। আনহাতে ৰঙিয়া পৌৰসভাৰ পৌৰসভানেত্ৰী সীমা বৈশ্যই তেওঁৰ বক্তব্যৰ মাজেৰে আগন্তুক দিনতো প্ৰভাতী কিৰণক এনে ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ কয়। ৰঙিয়া পৌৰসভাই ৰঙিয়া ৰেল সংমণ্ডলক ৰে'লৱে ই'কো পাৰ্ক খন মেৰামতি কৰি সমগ্ৰ অঞ্চলটোৰ ভিতৰতেই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিবলৈ ৰেলবিভাগক আহ্বান জনায়।
NNO তেজপুৰঃ সমগ্ৰ দেশৰ লগতে শোণিতপুৰৰ ৰঙাপৰাতো চিটুৰ উদ্যগত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। ৰঙাপৰা চহৰত শ্ৰমিকসকলে এক বিশাল শোভাযাত্ৰা উলিয়াই। শ্ৰমিকসকলে হাতে হাতে ফ্লেগ, বেনাৰ আদি লৈ শ্ৰমিক শোষণ বন্ধ কৰক, শ্ৰমিকৰ অধিকাৰ খৰ্ব নকৰিব, মালিক পক্ষৰ অত্যাচাৰ বন্ধ কৰক, শ্ৰমিকৰ প্ৰাপ্য মাজুৰি আদায় দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গানেৰে ৰঙাপৰাৰ আকাশ বতাহ উত্তাল কৰি তোলে। মে’ দিৱস উপলক্ষে মে' দিৱসৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানটোত চিটুৰ কৰ্মীসকলৰ লগতে ৰঙাপৰা অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে।