প্ৰতিকী ফটো

কোকৰাঝাৰ: কোকৰাঝাৰ সদৰ চহৰত আজি অট্টালিকা নিৰ্মান কৰি থকাৰ সময়তে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি এগৰাকী শ্ৰমিক থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত শ্ৰমিকজনক বিলাসীপাৰা মহকুমাৰ বুছিৰ চৰ, শগুনমাৰী চতুৰ্থ খণ্ডৰ ইক্ৰামুল মণ্ডল বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি মতে, কোকৰাঝাৰ সদৰ চহৰ নিৱাসী তথা ব্যৱসায়ী অৰূপ ভৌমিকৰ অট্টালিকাৰ ছাদ ঢালাই নিৰ্মাণৰ কাম চলি আছিল। অট্টালিকালৈ উঠি যোৱাৰ পথৰ নিচেই কাষতে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ থকাৰ বাবেই অট্টালিকা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত শ্ৰমিকসকলে খুৱ সাৱধানতাৰে কাম কৰি আছিল।

কিন্তু ছাদ ঢালাইৰ কাম শেষ হোৱাৰ আগমুহূৰ্তত অৰ্থাৎ আজি বিয়লি ৫মান বজাত ইক্ৰামুল মণ্ডল নামৰ শ্ৰমিকজন তললৈ নামি আহোতেই দূৰ্ভাগ্যবশত বিদ্যুত পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যুমুখত পৰে ।

উল্লেখ্য যে বিলাসীপাৰা বাঙালীপাৰাৰ নিৱাসী আনোৱাৰ সেখ নামৰ লোকজনে আজি পুৱা কোকৰাঝাৰৰ অৰূপ ভৌমিক নামৰ ব্যৱসায়ীজনৰ অট্ৰালিকাৰ ছাদ ঢালাই নিৰ্মানৰ বাবে বিলাসীপাৰাৰ বিভিন্ন ঠাইৰ পৰা শ্ৰমিক লৈ আহিছিল।

ছাদ ঢালাইৰ কাম শেষ হোৱাৰ পিছতেই পুনৰাই বিলাসীপাৰালৈ উভতি যোৱাৰ কথা আছিল যদিও তাৰ পূৰ্বেই ইক্ৰামুল মণ্ডলে দূৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱাত শ্ৰমিকৰ দলটোৰ মাজত শোকৰ ছাঁ পৰিছে ৷