নলবাৰীঃ আজি চি আই টি ইউৰ উদ্যোগত নলবাৰী জিলাৰ বেংক, বীমা, টেলিকম, বি এছ এন এল, গাড়ী-মটৰ ইউনিয়ন আদি বিভিন্ন শ্ৰমিক-কৰ্মচাৰীৰ সহযোগত নলবাৰী নাট্য মন্দিৰত এখন শ্ৰমিক-কৰ্মচাৰীৰ জিলা অভিবৰ্তন অনুষ্ঠিত হয়।

চি আই টি ইউৰ নলবাৰী জিলা সভাপতি নৃপেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত অভিবৰ্তনৰ উদ্দেশ্য বাখ্যা কৰে জিলা সাধাৰণ সম্পাদক মহেশ্বৰ দত্তই। অভিবৰ্তনত মূখ্য বক্তা হিচাপে ভাষণ ৰাখি শ্ৰমিক নেতা শতঞ্জীৱ দাসে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰ সাধাৰণ জনতাৰ চৰকাৰ নহয় পুঁজিপতিৰ হে।

কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশৰ আটাইকেইটা ট্ৰেইড ইউনিয়ন (BMSক বাদ দি) আৰু দেশৰ অৰ্ধশতাধিক কৰ্মচাৰী ফেডাৰেচনে অহা ৯ আৰু ১০ নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰ ভৱনৰ সন্মুখত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ, ৰাজহুৱা সম্পদ ব্যক্তিগত পুঁজিপতিৰ হাতত প্ৰদান কৰা কাৰ্য বন্ধ কৰা, সকলো শ্ৰমিকক সামাজিক নিৰাপত্তা প্ৰদান কৰা আদি বিভিন্ন দাবীৰ ভিত্তিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হব।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সকলোৰে অংশগ্ৰহণ কামনা কৰে শ্ৰমিক নেতা দাসে। দাসে পুনৰ কয় যে দেশৰ নৰেন্দ্ৰ মোডী চৰকাৰে শ্ৰমিক-কৰ্মচাৰী শ্ৰেণীৰ স্বাৰ্থত নাই। মাথো নিজৰ লাভালাভৰ বাবে পুজিঁপতি গোষ্ঠীৰ বাবে কাম কৰি আছে।

যাৰ ফলত সকলো ক্ষেত্ৰতে সাধাৰণ ৰাইজৰ লগতে শ্ৰমিক সকলে নানা আহুকালেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে বুলিও দোহাৰে বিশিষ্ট শ্ৰমিক নেতা দাসে। আদিতে পদ্ম হালৈ আৰু ৰঞ্জু তালুকদাৰে বিপ্লৱী গীত পৰিবেশন কৰে।