ৰঙিয়া/গুৱাহাটীঃ যোৱা ৮ মাৰ্চত ঐতিহ্যমণ্ডিত ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিজয় উৎসৱ পালন কৰে৷ শুকান মুখত এমোকোৰা হাঁহি বিৰিঙি উঠে চকুলো টুকি বছৰ বছৰ পাৰ কৰা শ্ৰমিক-কৰ্মচাৰীয়ে৷ দুৰ্বিষহ জীৱন পাৰ কৰা শ্ৰমিকসকলে পেটৰ ভোকৰ তাড়নাত হাহাকাৰ কৰি পাৰ কৰাৰ সময়তে ৰাজ্য চৰকাৰে মিলটো পুনউজ্জীৱিত কৰাৰ বাবে দহ কোটি টকা ধাৰ্য কৰে৷

যাৰ ফলত আবতৰীয়া হোলী খেলি আনন্দত আত্মহাৰা হৈ পৰে শ্ৰমিক-কৰ্মচাৰীসকল৷ উৎফুল্লিত হৈ পৰে এ’পল মিলৰ শ্ৰমিকসকলৰ লগতে তুলসীবাৰী অঞ্চলৰ ৰাইজ, শ্ৰমিক সন্থা আৰু স্থানীয় দল-সংগঠনৰ নেতা-কৰ্মীয়ে৷ অৱশেষত যেন, ৰঙিয়াৰ এপ’ল মিলৰ ৭০০ শ্ৰমিকৰ মুখত বৃহস্পতিবাৰে পুনৰ হাঁহি বিৰিঙ উঠে৷

প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈ অহা শ্ৰমিক-কৰ্মচাৰীসকলে যেন বহু দিনৰ মূৰকত হাঁহিলে৷ শ্ৰমিকসকলে এসাজ ভাতৰ বাবে ককবকাব লগা হৈছিল সন্তানৰ সন্মুখত৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময় মতে নাপায়৷ 

তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ কৰা নাছিল শ্ৰমিক-কৰ্মচাৰিসকলক তথা তেওঁলোকৰ পৰিয়ালক৷ কোনোবা ৰামদেৱ, ভূৰকিয়া, লোহিয়াক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থাকে যদিও থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈ অহা দেখা যায়৷

বাৰে বাৰে দল-সংগঠনে চৰকাৰক শ্ৰমিকৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে উদ্যোগটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ ছাত্ৰ সন্থা, এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিক সন্থা আদি সংগঠনে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰে আহিছে৷ শাসকীয় মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ অগপই প্ৰতিবাদ সাব্যস্ত কৰি তুলসীবাৰীস্থ এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবী জনাইছিল৷

যোৱা ১৭ মাহ ধৰি দৰমহা নোপোৱা ৰঙিয়াৰ তুলসীবাৰীৰ এপ’লমিলৰ শ্ৰমিক ভূৱনেশ্বৰ মহন্তই বিনা চিকিৎসাই মৃত্যুক আকোৱালি লহ লগা হয়৷ দীৰ্ঘদিন ধৰি শ্ৰমিকগৰাকীয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰিব পৰা নাছিল৷ যোৱা ২০১৭ চনৰ ১৭ নৱেম্বৰত মিলটোৰ মনো কুমাৰ নামৰ এগৰাকী শ্ৰমিকে আত্মহত্যা কৰিছিল৷ তাৰ পিছতেই ভূৱনেশ্বৰ মহন্তই বিনা চিকিৎসাই হৃদয়ত অযুত বেদনা লৈ এই পৃথিৱীৰ পৰা বিদায় মাগিছিল৷

কেইটামান মাহৰ ভিতৰত চৰকাৰে দৰমহা আদায় নিদিয়া মিলটোৰ ৫গৰাকী শ্ৰমিকে মৃত্যুক আকোৱালি লৈছিল৷ ৰঙিয়াৰ গৌৰৱ ৰূপে অভিহিত তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ৷ দীৰ্ঘ দিন ধৰি বেতন বঞ্চিত মিলটোৰ শ্ৰমিক-কৰ্মচাৰীসকলে জীয়াই থকাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷

বাৰে-বাৰে আন্দোলন কৰিও স্থানীয় বিধায়ক-চৰকাৰৰ সদিচ্ছাৰ অভাৱত হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে৷ ৫৮বছৰীয়া মহন্তই চিকিত্সাৰ অভাৱত অকাল মৃত্যুক আকোৱালি লব লগা হয়৷ মিলটোৰ প্ৰায় ৭০০শ্ৰমিকে এতিয়া প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে ককবকাব লগা হয় সন্তানৰ সন্মুখত৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷

কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময় মতে নাপায়৷ তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷ কোনোবা ৰামদেৱ, ভূৰকিয়া, লোহিয়াক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থাকে যদিও থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে৷

ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷ বাৰে বাৰে দল-সংগঠনে চৰকাৰক শ্ৰমিকৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে উদ্যোগটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দৰমহা নাপায় বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকি দিন পাৰ কৰি অৱশেষত মনোৰাম কুমাৰ নামৰ শ্ৰমিকগৰাকীয়ে আত্মহত্যা কৰে৷

বহু শ্ৰমিকৰ জীৱন কষ্টৰে পাৰ কৰিছিল৷ বহু শ্ৰমিকে আন কাম কৰিব লগা হৈছিল৷ পত্নী, সন্তানৰ দুখৰ জীৱন কটাব লগা হৈছিল এপ’লমিলৰ শ্ৰমিকে৷ কৰ্মহীন হৈ দিক হিদিক হেৰাই পেলাইছিল শ্ৰমিকৰ৷

মিলটোৰ শ্ৰমিক তথা ছাত্ৰ সন্থাই ধাৰাবাহিক ভাবে আন্দোলন কৰাৰ অন্তত মিলটোৰ শ্ৰমিকসকললৈ বাবে সুখৰ বতৰা কঢ়িয়াই আনিছে চৰকাৰে। ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত ৰঙিয়াৰ এপ’ল মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে বুধবাৰে দহ কৌটি টকা ধাৰ্য কৰে৷ মিলটো কাৰ্যক্ষম কৰাৰ বাবে ৰাজ্যৰ সোণোৱাল চৰকাৰে অনুদান আগবঢ়োৱা খবৰ লাভ কৰাৰ পিছতেই শ্ৰমিকসকলে আনন্দিত হৈ পৰে৷ 

এ’পল মিল শ্ৰমিক সন্থা, বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা, ৰঙিয়া সচেতন নাগৰিক মঞ্চ, মিলটোৰ শ্ৰমিককৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ ফাকুখেলি, ফটকা ফুটাই আনন্দ উল্লাহ প্ৰকাশ কৰে৷ ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই শ্ৰমিক-কৰ্মচাৰীসকলৰ আনন্দ উল্লাসত অংশ লয়৷ ৰাজ্য চৰকাৰে ৰঙিয়াৰ এ’পল মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে দহ কোটি টকা অনুদান দিয়াৰ সিদ্ধান্ত লোৱা বিষয়টোক আদৰণি জনায়।

ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চিথা আয়োগৰ উপাধ্যক্ষ দীপক বৰঠাকুৰক ধন্যবাদ যাচে বিধায়ককলিতাই। ৰঙিয়াৰ বিধায়কগৰাকীয়ে ২০০৩ চনত বন্ধহৈ পৰা ৰঙিয়াৰ এপ’ল মিলটো কেনেদৰে কাৰ্যক্ষম কৰিব পাৰি এই সন্দৰ্ভত যোৱা এবছৰে বিভিন্ন ধৰনে অধ্যায়ন কৰি ৰাজ্য চৰকাৰৰ পৰা পূঁজিৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছিল বুলি কয়। 

আলোচনাৰ পিচত ৰাজ্যৰ বিভাগীয় বিষয়াৰ জৰিয়তে মিলটো পৰ্যবেক্ষণ কৰি প্ৰতিবেদন দাখিল কৰাৰ পিচত চৰকাৰে সিদ্ধান্তলৈ অহা বুলি কয়৷ ফলত পুনৰ ৰঙিয়া এপ’ল মিলত কৰ্মৰত শ্ৰমিকসকলে কৰ্মসংস্থাপন ঘুৰাই পাবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও বিধায়ককলিতাই ৰঙিয়া এপ’ল মিল যাতে দক্ষ পৰিচালকৰ অভাৱত পুনৰ মৃত্যুৰ ফালে গতি নকৰে তাৰ বাবে এজন সঞ্চালক নিযুক্তি দিয়াৰ বাবে সাক্ষাৎকাৰ লোৱা হৈছে বুলি কয়।

ইয়াৰ উপৰিও এজন অৱসৰ প্ৰাপ্ত আইএএছ বিষয়া বিষয়াক প্ৰশাসনীক বিষয়া হিচাপে নিযুক্তি দিয়াৰ চিন্তা কৰা হৈছে বুলি কয়। ৰঙিয়া এপ’ল মিলটোৰ তিনিটাকৈ ইউনিট ক্ৰমে প্ৰচেচিং, উইভিং আৰু ডাইং ২০০৩ চনৰ পৰা বন্ধ হৈ পৰে৷ 

মিলটোত কৰ্মৰত বহু শ্ৰমিক-কৰ্মচাৰী দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিব লগা হয়৷ এপ’ল মিলৰ শ্ৰমিক কৰ্মচাৰী আৰু আছুৱে ৰঙিয়াৰ বিভিন্ন দল-সংগঠনৰ সহযোগত আন্দোলন অব্যাহত ৰাখিছিল। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা সমবায় বিভাগৰ সচিৱ ভি এন ভাস্কৰৰ নেতৃত্বত কেইজনমান বিষয়াই মিলটোৰ সন্দৰ্ভত অধ্যায়ন কৰি মিলটো কাৰ্যক্ষম কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছিল।